বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা, ১৪ জুনঃ
বঙাইগাঁও চহৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি চিকিৎসক সকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ভাৰতীয় চিকিৎসক সন্থাৰ বঙাইগাঁও শাখাৰ উদ্যোগত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে চিকিৎসকসকলে পশ্চিমবংগত চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত ৰূপায়ণ কৰা চিকিৎসকসকলে ক'লা বেজ পৰিধান কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে, চিকিৎসকসকলে বঙাইগাঁও গান্ধী ময়দানত একত্ৰিত হৈ সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যায় আৰু জিলা উপায়ুক্তৰ জড়িয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। চিকিৎসকসকলে উই ৱান্ট জাষ্টিচ, চিকিৎসকসকলৰ ওপৰত আক্ৰমণ কৰা নচলিব, চিকিৎসক আক্ৰমণকাৰীক উপযুক্ত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰক আদি শ্লোগানো দিয়ে।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে চিকিৎসকসকলে তথা ভাৰতীয় চিকিৎসক সন্থাই চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আইন প্ৰণয়নৰ দাবী উত্থাপন কৰে। লগতে মানৱ সেৱাৰ লগত জড়িত চিকিৎসকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। উল্লেখ্য যে, এই ধৰ্ণা কাৰ্যসূচীত চি আৰ ইউৰ বঙাইগাঁও জিলা গোটক কেইবাজনো নেতা-কৰ্মীয়ে অংশ লয়।
- Log in to post comments
- 21 views