থানাৰ সন্মুখতে বাইক চোৰৰ টিঘিল ঘিলনি

golaghat

গোলাঘাটৰ প্ৰতিবেদক, ১৪ জুন:

আজি সন্ধিয়া গোলাঘাট আৰক্ষী থানাৰ সন্মুখত থকা গোলাঘাট ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পাৰ্কি চেন্টাৰত এখন মটৰচাইকেল চুৰি কৰিবলৈ আহি হাতে-লোটে ধৰা পৰে এটা বাইক চোৰ। মটৰচাইকেলখন নিবলৈ তৎপৰ হোৱা অৱস্থাতে  মটৰচাইকেলৰ গৰাকী উপস্থিত হোৱাত চোৰটোক ধৰি সন্মুখৰ আৰক্ষী থানাত গতাই দিয়ে। 

উল্লেখযোগ্য যে, চহৰখনৰ মধ্য স্থানত স্বয়ং আৰক্ষী থানাৰ সন্মুখত চোৰৰ এনে  মুক্ত বিচৰণে গোলাঘাটবাসীক চৰম নিৰাপত্তাহীনতাত ভোগাইছে। লগতে থানাৰ সন্মুখত অবৈধভাৱে গঢ়ি উঠা চাহ -তামোলৰ দোকান কেইখনত বেংকৰ পৰা গ্ৰাহকৰ ধন লুট কৰা আৰু বাইক চোৰৰ দৰে চিলনী চুৰৰ ঘাটি বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰিছে।

Your Comments