লাহৰীঘাটৰ বিশিষ্ট সমাজ কৰ্মী আকাবৰ আলীলৈ ৰাষ্ট্ৰীয় বঁটা

swamimul

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলামৰ প্ৰতিবেদন, ১৪ জুন:

মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চল লাহৰীঘাটৰ বিশিষ্ট সমাজকৰ্মী আকাবৰ আলীলৈ ছমতা সাহিত্য একাডেমীয়ে প্ৰদান কৰে এপিজে আবুল কালাম ৰাষ্ট্ৰীয় বঁটা। নৈপৰীয়া অঞ্চলটোৰ পৰা নিস্বাৰ্থভাৱে  সমাজ হকে আগবঢ়াই অহা সমাজ সেৱা আৰু সামাজিক দায়বদ্ধতাৰ  বাবে ছিকিমৰ গেংটকত অনুষ্ঠিত হোৱা ছমতা সাহিত্য একাডেমিৰ এক অনুষ্ঠানত এই বঁটা  লাভ কৰে বুলি জানিব পৰা গৈছে।  

বিশিষ্ট সমাজ সেৱক আকাবৰ আলীয়ে এই বঁটা লাভ কৰাত উৎফুল্লিত লাহৰীঘাটবাসী। বিশিষ্ট সমাজসেৱক গৰাকীৰ এই কৃতকাৰ্যতাক শুভেচ্ছা জ্ঞাপন কৰিছে লাহৰীঘাট আঞ্চলিক সাংবাদিক সন্থা, লাহৰীঘাট খণ্ড জ্ঞান বিজ্ঞান সমিতিৰ লগতে অঞ্চলটোৰ সচেতন মহলে। আগলৈ আৰু অধিক  দায়বদ্ধতাৰে সামাজিক কাম কাজ বোৰ কৰি যাব বুলি প্ৰতিবেদকক জনায় বিশিষ্ট সমাজ সেৱক জনে।

Your Comments