লাহৰীঘাটত এনআৰচিৰ শুনানি লৈ অহা ব্যক্তিৰ মৃত্যু 

laharighat

লাহৰীঘাটৰ প্ৰতিবেদক, ১৪  জুনঃ 

লাহৰীঘাটত এন.আৰ.চি ৰ শুনানীলৈ আহি শতবৰ্ষ গৰকা এজন জেষ্ঠ নাগৰিকৰ মৃত্যুমুখত পৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত লোক জনৰ নাম আৰফান আলী (১০৫)। মৈৰাবাৰীৰ তাতিকটা পথাৰৰ পৰা পৰিয়ালৰসহ লোক জনে লাহৰীঘাটৰ বোৱালগুৰীৰ শুনানি কেন্দ্ৰলৈ আহিছিল নিজৰ লগতে নিজৰ পৰিয়ালটোক ভাৰতীয় বুলি প্ৰমাণ দিবলৈ। শতবৰ্ষগৰকা জ্যেষ্ঠ নাগৰিকৰ আৰফান আলী এন.আৰ.চি ৰ শুনানি কেন্দ্ৰটোত হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে তৎক্ষণাত লাহৰীঘাট মহাত্মা গান্ধী মডেল হস্পিতাললৈ লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। 

উল্লেখ্য যে, যোৱা ১৯ মাৰ্চত লাহৰীঘাটৰ বোৱালগুৰী গাৱঁৰ আব্দুল ৰহমানে এন.আৰ.চি ৰ শুনানিৰ বাবে পৰিয়ালৰ সৈতে ধুবুৰী জিলাৰ চাপৰিলৈ গৈ শুনানিৰ সময়ত হঠাৎ অসুস্থ হৈ মৃত্যুবৰণ কৰিছিল। বৃহষ্পতিবাৰে এন.আৰ.চি য়ে লাহৰীঘাটত আন এজনৰ প্ৰাণ কাঢ়ি নিলে। এনেদৰে আৰু কিমানজনে এন.আৰ.চি ৰ বাবে প্ৰাণ দিব লাগিব বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে?

Your Comments