![ww](/sites/default/files/styles/article_detail/public/2019-06/ww%202.png?itok=0mzot4hG)
গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
গোলাঘাটত ক্ৰমাৎ গাড়ী,বাইক চুৰিৰ ঘটনা বৃদ্ধি পোৱাৰ লগতে ম'বাইল চুৰিৰ ঘটনাও বৃদ্ধি পাইছে।বৃহস্পতিবাৰে নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মোবাইল চুৰি কৰিবলৈ আহি হাতে-লোটে ধৰা পৰে এটা ম'বাইল চোৰ।
দীৰ্ঘদিনৰে পৰা চিকিৎসাধীন ৰোগী আৰু আত্মীয়ৰ মোবাইল ফোন চুৰি হৈ আহিছিল যদিও বৃহস্পতিবাৰে হাতে-লোটে ধৰা পৰে ৰাহুল দাস ওৰফে বিনোদ নামৰ গভাইত চোৰটো।ৰাইজে চিকিৎসালয়ৰ চৌহদতে চোৰটোক উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। আৰক্ষীৰ জেৰাত আৰু তিনিটা চোৰ জড়িত থকাৰ কথা উল্লেখ কৰিছে চোৰটোৱে।
- Log in to post comments
- 5 views