![baharghat](/sites/default/files/styles/article_detail/public/2019-06/WhatsApp%20Image%202019-06-14%20at%209.51.41%20AM.jpeg?itok=qUmUCzg5)
নৰেন শৰ্মা,বাহাৰঘাট, ১৪ জুনঃ
'এখন গ্ৰন্থৰ জন্ম মানে এখন হৃদয়ৰ জন্ম , আৰু গ্ৰন্থ উন্মোচনৰ দিনটো এটা যজ্ঞৰ অনুষ্ঠান ৷ প্ৰকৃত অৰ্থত স্মৃতিগ্ৰন্থৰ মূল্য অপৰিসীম ৷ কোনো ব্যক্তিবিশেষৰ ক্ষেত্ৰত যেতিয়া স্মৃতিগ্ৰন্থৰ জৰিয়তে জীৱন-কীৰ্তি লিখা হয়, তেতিয়া সেই ব্যক্তিগৰাকীৰ জীৱনে নান্দনিক ৰূপ পায়, মৃত্যুৰ পিছত তেওঁৰ ব্যক্তিত্বক সোঁৱৰি লিপিবদ্ধ কৰা এই স্মৃতিগ্ৰন্থৰ জৰিয়তে ৷' এই মন্তব্য বিশিষ্ট সাহিত্যিক-সমালোচক,নলবাৰী ৰত্ন ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ ৷ বৃহস্পতিবাৰে নলবাৰী জিলাৰ বৰভাগৰ উলাবড়ী প্ৰগতি শিল্পী সংঘৰ উদ্যোগত বিশিষ্ট সমাজকৰ্মী প্ৰয়াত কৰুণাকান্ত বৈশ্যৰ স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা তথা অঞ্চলটোৰ পৰা কৃতিত্বসহকাৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত এখন সভাত স্মৃতিগ্ৰন্থ 'কৰুণা সাগৰ' উন্মোচন কৰি ড° ভট্টাচাৰ্যই এইদৰে কয় ৷ তেওঁ কয় যে, মানুহ স্মৃতিপৰায়ণ ৷ মানুহে সোৱঁৰণ কৰিব পাৰে ৷ মানুহৰ স্মৃতি কালজয়ী ৷
অৱসৰী শিক্ষক তথা সমাজকৰ্মী কৃষ্ণ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক ,সমাজ সচেতক মনজিৎ মহন্তই কয়-আমি বহিঃবিশ্বত যেতিয়া নিজকে প্ৰতিষ্ঠা কৰোঁ, তেতিয়া এজন অসমীয়া হিচাপে চিনাকি দিব পাৰিব লাগিব ৷ ভুগোল, বুৰঞ্জী নোহোৱা কৰি আমাৰ প্ৰজন্মক জ্ঞানৰ পৰা আঁতৰাই ৰখা বুলি তেওঁ ভাষণ প্ৰসংগত কয় ৷ সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাই উলাবড়ী তথা বিভিন্ন গাওঁৰ বৈশিষ্টৰ ওপৰত আলোকপাত কৰে ৷
সভাখনত বৰভাগ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক নিৰেন মালাকৰ, আদাবাৰীৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ কমলদেৱ গোস্বামী, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ডাঃ ডিম্বেশ্বৰ কলিতা নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি প্ৰয়াত বৈশ্যৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে ৷ শিক্ষক মদন বৈশ্যই আঁত ধৰা সভাখনত কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যলয়ৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ বহুকেইগৰাকী শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয় ৷ ইয়াৰ পূৰ্বে প্ৰয়াত বৈশ্যৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন, আয়তীৰ নাম আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
- Log in to post comments
- 152 views