পদপথৰ অবৈধ অধিগ্ৰহণে ৰঙিয়াত বিপদত পেলাইছে পথচাৰীক 

পদপথৰ অবৈধ অধিগ্ৰহণে ৰঙিয়াত বিপদত পেলাইছে পথচাৰীক 

ৰঙিয়া চহৰৰ তীব্ৰ যান-জঁটৰ সমস্যাই জনসাধাৰণৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক সমস্যাত পেলাইছে । উল্লেখ্য যে ৰঙিয়া চহৰত থকা পদপথসমূহ এতিয়া জনসাধাৰণ তথা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিবলৈ সক্ষম নহয় ৷

কাৰণ পদপথসমূহত অবৈধভাৱে শিল, বালি, ইটা আদি ৰখাৰ লগতে গঢ়ি উঠিছে অবৈধ দোকান ৷ ইয়াৰ উপৰি কিছুমানে দুচকীয়া বাহনসমূহো পদপথত ৰখাৰ ফলত পদপথসমূহেৰে খোজকঢ়াৰ পৰিৱৰ্তে যান-জঁটৰ মাজেৰে খোজকাঢ়িব লগাহৈছে সাধাৰণ জনতা ।

পদপথৰ অবৈধ অধিগ্ৰহণে ৰঙিয়াত বিপদত পেলাইছে পথচাৰীক 

ইয়াৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাও পৰিলক্ষিত হৈছে । আনহাতে, কোনো কোনো ঠাইত নলাসমূহ ঢাকনি অবিহনে থকাৰ ফলত তাৰ ওপৰেৰে খোজকঢ়াৰ ক্ষেত্ৰত অনুপযোগী হোৱা পৰিলক্ষিত হৈছে ।

এই ক্ষেত্ৰত ৰঙিয়া পৌৰসভাৰ গাফিলতিৰ বাবেই পদপথসমূহ পথচাৰীয়ে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে দোকানৰ মালিকসমূহে অবৈধভাৱে ব্যৱহাৰ কৰিবলৈ লৈছে ।

ইমান বছৰে পদপথত বহা দোকানসমূহৰ বাবে পৌৰসভাই নিৰ্দিষ্ট ঠাই এডোখৰ বিচাৰি নিদিয়াতো তাৎপৰ্যৰ বিষয় । এই ক্ষেত্ৰত পৌৰসভাই নীৰৱ দৰ্শকৰ ভূমিকা লোৱাটো ৰহস্যজনক বুলি ৰাইজে মন্তব্য কৰে ।

Your Comments