ডবকাৰ পৰা জমিৰুদ্দিন তালুকদাৰৰ প্রতিবেদন :
আজি একেটা পৰিয়ালৰ পতি-পত্নীসহ তিনিজনক যাৱৎজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে হোজাই শংকৰদেৱনগৰ আদালতে৷
আজি আদালতখনৰ এন এচ দেউৰীৰ আদালতে ২০ হাজাৰ টকাৰ জৰিমনা সহ যাৱৎজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে হোজাই যোগীজান ৰাধানগৰৰ মোহন বিশ্বাস,তেওঁৰ পত্নী শ্যামলী বিশ্বাস আৰু মণি মজুমদাৰক৷
উল্লেখ্য যে ২০১৪ চনৰ ১৮ আগষ্ট তাৰিখে এটা মুৰ্গীৰ কণীক লৈ কাজিয়াৰ পৰিণতিত প্ৰতিবেশী ৰুবী পণ্ডিতক কেৰাচিন ঢালি জ্বলাই দিছিল এই তিনিওগৰাকী লোকে৷
ঘটনা সংক্ৰান্তত ৪৪৮/৩০২/৩৪ ধাৰাৰ অধীনত হোজাই থানাত ৰুজু হয় ৪৫০/১৪নং গোচৰটো।
উক্ত গোচৰটোত আজি আদালতে তিনিওঁকে ২০ হাজাৰ টকাকৈ জৰিমনাৰ লগতে সশ্ৰম যাৱৎজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে৷
গোচৰটোত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই৷
- Log in to post comments
- 19 views