বঙাইগাঁৱত ড্ৰাগছসহ ব্যৱসায়ী আটক

drugs

বঙাইগাঁওঃ ১২ জুনঃ

বঙাইগাঁও আৰু চিৰাং জিলা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি যোৱা নিশা  উত্তৰ বঙাইগাঁৱত যৌথ অভিযান চলাই ড্ৰাগছসহ এজন ব্যৱসায়ীক আটক কৰে ৷ আটকাধীন ড্ৰাগছ ব্যৱসায়ীজন বঙাইগাঁও চহৰৰ দোলাইগাঁও ভাটিপাৰাৰ ধৰ্মেন্দ্ৰ ৰায় ( ২৭) বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে যোৱা নিশা ৮ঃ৩০ মান বজাত এক গোপন খবৰৰ ভিত্তিত বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত বঙাইগাঁও পৰিৱেশ উন্নয়ন উদ্যানৰ সমীপত  উত্তৰ বঙাইগাঁও আৰক্ষী আৰু চিৰাং জিলাৰ ৰুণীখাটা আৰক্ষীৰ দলে এক যৌথ অভিযান চলায় ৷

এই অভিযানত ধৰ্মেন্দ্ৰ ৰায় নামৰ ড্ৰাগছ ব্যৱসায়ীজনক আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী যুৱকজনৰ জিম্মাৰ পৰা ড্ৰাগছসহ পাঁচটা সৰু বটল উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে উদ্ধাৰ হোৱা ড্ৰাগছখিনি হেৰ'ইন বুলি সন্দেহ কৰিছে ৷ অভিযানকাৰী আৰক্ষীৰ দলে লগতে ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা এ এছ ০১ এ পি-৬০০২ নম্বৰৰ এখন ছুজুকী মটৰ চাইকেল,দুটা মোবাইল হেণ্ডছেট, মানিবেগ তথা কিছু নথিপত্ৰ উদ্ধাৰ কৰে ৷ ড্ৰাগছ ব্যৱসায়ীজনে ড্ৰাগছখিনি বিক্ৰী কৰিবলৈ আনিছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ধৰ্মেন্দ্ৰ ৰায়ৰ সৈতে আন এজন ড্ৰাগছ ব্যৱসায়ী আছিল যদিও আন্ধাৰৰ সুযোগ কৰি পলায়ন কৰে ৷drug

ইপিনে আজি আৰক্ষীয়ে ধৃত ড্ৰাগছ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰি বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে ড্ৰাগছ ব্যৱসায়ী ধৰ্মেন্দ্ৰ ৰায়ক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে বৰ্তমান বঙাইগাঁও চহৰৰ লগতে সমগ্ৰ জিলাখনৰ বিভিন্ন স্থানত ড্ৰাগছৰ এখন মুকলি বেহা চলি থকাৰ লগতে এই মাৰাত্মক ড্ৰাগছৰ গ্ৰাসত পৰি ইতিমধ্যে একাংশই নিজৰ জীৱন ধ্বংস কৰিছে ৷ লগতে দিনে দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ প্ৰতি বহুতৰে আসক্তি ৷ সেয়ে ড্ৰাগছৰ বিৰুদ্ধে জিলা প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সচেতন মহলে দাবী জনাইছে ৷

Your Comments