ধনশিৰী মহকুমাৰ চুঙাজান সীমান্তত নগা দুৰ্বৃত্তৰ দপদপনি

সৰুপথাৰৰ পৰা নবীন বৰাৰ প্রতিবেদন :

অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰী মহকুমাৰ চুঙাজান এম.ভিত  নগা দুৰ্বৃত্তই দিন দুপৰতে হাতত মৰণাস্ত্ৰ লৈ অসমৰ কৃষক তথা ব্যৱসায়িক প্ৰতিস্থানৰ পৰা ধন দাবী কৰি অহাটো এতিয়া এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ মঙলবাৰেও দিনৰ প্ৰায় ১০ বজাত এম.ভি. চাৰিআলিত শ্ৰী ধৰণী কান্ত বুঢ়াগোহাঁই নামৰ এজন কৃষকৰ পৰা নগা দুৰ্বৃত্তই ধন নিবলৈ আহোতে স্থানীয় লোকৰ সহযোগত দুৰ্বৃত্তকেইটাক আটক কৰিবলৈ বিচাৰোতেই হাতত থকা মৰণাস্ত্ৰৰ ভাবুকি দেখুৱাই পলায়ন কৰে নগা দুৰ্বৃত্ত কেইজনে৷ ধন দাবী কৰিবলৈ অহা ব্যক্তি কেইজনৰ নাম আৰু তেওঁলোক কোন সংগঠনৰ সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

পিছত উক্ত স্থানত পুলিচ আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে ওচৰতে থকা অসম আৰক্ষীৰ বেটেলিয়ান কেম্প আৰু চি আৰ পি এফ  কেম্পৰ  নীৰৱ ভূমিকাই স্থানীয় ৰাইজক ক্ষোভিত কৰি তুলিছে। ধনশিৰী মহকুমাৰ অসম নাগালেণ্ড সিমান্তত নগা দুৰ্বৃত্তই বহুদিনৰ পৰা ধন দাবী কৰি অহাৰ পিছতো গভীৰ নিদ্ৰাত চুঙাজান আৰক্ষী তথা মহকুমা প্ৰশাসন৷কেতিয়া পাব এই সীমান্তবাসী সকলে নিৰাপত্তা তাক লৈ এতিয়া চিন্তিত সকলো।

Your Comments