কাজিৰঙাত গড়ৰ চোৰাং চিকাৰৰ পৰিকল্পনা ব্যৰ্থ : চাৰি চোৰাং চিকাৰী ধৃত

GARH

ৱাহিদুদ জামান, নগাঁও :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি সংৰক্ষিত বনাঞ্চলত গড়ৰ চিকাৰ কৰিবলৈ অহা চাৰি জনীয়া দুৰ্ধৰ্ষ গড়ৰ চোৰাং চিকাৰী দল এটাক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জিলাখনৰ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মিন্ময় দাসৰ নেতৃত্বত আৰু জখলাবন্ধা আৰক্ষী থানাৰ লগত বাগৰি আৰক্ষীৰ সহযোগত এক আৰক্ষীৰ দলে  এক গোপন তথ্যৰ ভিত্তিত অভিযানত চলাই চোৰাং চিকাৰী দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চোৰাং চিকাৰী কেইজন হ'ল - ডিমাপুৰৰ দিলীপ বড়ো( ৪৯), ৰূপহীহাটৰ আনোৱাৰ হুছেইন( ২৩), লামডিঙৰ ৰমজান আলী (২৭), জুৰীয়া উদমাৰীৰ ইমান আলী ( ৩৩)।

আৰক্ষীয়ে তেওঁলোকৰ পৰা চোৰাং চিকাৰী কেইজনৰ পৰা এছ ০২ ডব্লিউ ৪৮৯৩ নম্বৰৰ এখন হুণ্ডাই ইয়ন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। তদুপৰি, আৰক্ষীয়ে অভিযান কালত তেওঁলোক পৰা কেইবাটাও মবাইল ফোন জব্দ কৰাৰ লগতে থ্ৰী নট থ্ৰী ৰাইফলৰ ১০ ৰাউণ্ড সজীৱ গুলী, এখন টাৰ্পলিনৰ লগতে বহু আপত্তি জনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, দুৰ্ধৰ্ষ চোৰাং চিকাৰী ডিমাপুৰ দিলীপ বড়ো আৰু ৰূপহীহাটৰ আনোৱাৰ হুছেইনৰ নেতৃত্বত অহা চোৰাং চিকাৰীৰ দলটোৱে বাগৰি সংৰক্ষিত বনাঞ্চলৰ সমীপৰ ন'জান অঞ্চলৰ এটা হোটেলত বাহৰ পাতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ পৰিকল্পনা কৰিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটি বৃহৎ আৰক্ষীৰ দলে অভিযান চলাই চোৰাং চিকাৰী দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে আনোৱাৰ হুছেইন কেইবছৰ মানৰ আগতে বাগৰি সমীপৰ বান্দৰ ডুবিত বসবাস কৰিছিল। এই আনোৱাৰ লগতে যোগসূত্ৰ ৰাখিয়েই এসময়ত বহু চোৰাং চিকাৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় চিকাৰ কৰিছিল। জানিব পৰা মতে, এই আনোৱাৰ হুছেইনে কাজিৰঙাৰ গড়ৰ অৱস্থিতি সন্দৰ্ভত সম্পূৰ্ণ অৱগত। ডিমাপুৰৰ দুৰ্ধষ চোৰাং চিকাৰী দিলীপ বড়োৱে আনোৱাৰ হুছেইনৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় চিকাৰৰ লক্ষ্যৰে বাগৰি অঞ্চলত বাহৰ পাতিছিল।

আৰক্ষীয়ে গড় চিকাৰৰ বাবে ব্যৱহাৰ কৰিব লগা থ্ৰী নট থ্ৰী ৰাইফল চোৰাং চিকাৰী দলটোৰ পৰা উদ্ধাৰ কৰিব পৰা নাই যদিও চোৰাং চিকাৰীৰ দলে ৰাইফলটো বগৰি অঞ্চলৰ কোনো গোপন স্থানত লোকুৱাই ৰাখিছে। এই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। উল্লেখ্য যে ডিমাপুৰৰ দিলীপ বড়ো এগৰাকী ছুটাৰ হিচাপে চিহ্নিত। আন গৰাকী চোৰাং চিকাৰী আনোৱাৰ হুছেইন সম্প্ৰতি ৰূপহীহাটত বসবাস কৰে। আৰক্ষীৰ তৎপৰতাৰ বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় চিকাৰ কৰিবলৈ অহা চোৰাং চিকাৰীৰ দলটোৰ পৰিকল্পনা ব্যৰ্থ হয়। উল্লেখ্য যে, বিগত কেইটামান দিনৰ ভিৰৰত আৰক্ষীয়ে নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা কেইবাজনো চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হয়।

Your Comments