গোলাঘাটত মেধাৱী ছাত্ৰক ড্ৰাগছ ব্যৱসায়ীয়ে হত্যা কৰাৰ অভিযোগ

ii

গোলাঘাটৰ পৰা মিনাক্ষী ফুকন

 

যোৱা  ৯ জুনত ড্ৰাগছৰ কবলত পৰি মৃত্যু মুখত পৰা সঞ্জীৱ গোস্বামী নামৰ মেধাৱী ছাত্ৰজনৰ মৃত্যুক সহজভাৱে লোৱা নাই মাতৃ ৰুণু গোস্বামীয়ে।মৃত সঞ্জীৱৰ মাত্ৰ ২ বছৰ বয়সতে স্বামীক হেৰুৱাই কেৱল সন্তানক বুকুত বান্ধি জীৱন  যুঁজত অৱতীৰ্ণ হোৱা মাতৃৰ দাবী যে তেওঁৰ সন্তানক ড্ৰাগছ ব্যৱসায়ী জ'জ ওৰফে মৃণাল গগৈয়ে হত্যা কৰিছে। কিছু বছৰ পূৰ্বে ডাগ্ৰছৰ কবলত পৰা একমাত্ৰ পুত্ৰক চিকিৎসাৰ যোগেদি সম্পূৰ্ণ সুস্থ কৰি যোৱা শনিবাৰে ঘৰলৈ আনিছিল যদিও দেওবাৰে  ড্ৰাগছৰ বাবে বিক্ৰী কৰা মোবাইলটো ঘূৰাই আনিবলৈ জ'জৰ ওচৰলৈ যোৱা সঞ্জীৱক আৰু ঘূৰাই নাপালে দুৰ্ভগীয়া মাতৃয়ে।

 

জ'জৰ ককায়েকে অচেতন অৱস্থাত এখন ই - ৰিক্সাত লৈ অনা সঞ্জীৱক প্ৰত্যক্ষ কৰা মাতৃয়ে  ততাতৈয়াকৈ চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।এতিয়া বুকু সুদা হৈ পৰা দুৰ্ভগীয়া মাতৃয়ে গোলাঘাট আৰক্ষী থানাত পুত্ৰক হত্যা কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰাৰ লগতে আৰু এশজন সঞ্জীৱক ড্ৰাগছৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক কাতৰ  অনুৰোধ জনায়।ইতিমধ্যে এজাহাৰৰ ভিত্তিত দুজন লোকক আটক কৰিছে যদিও মূল অভিযুক্ত জ'জ ওৰফে মৃণাল গগৈক ধৰিব পৰা নাই।

ii

ইফালে,পৰহি গোলাঘাটত  ড্ৰাগছ মাফিয়া জ'জক গ্ৰেপ্তাৰৰ দাবী তুলি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আজিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ তিনিজনকৈ ছাত্ৰকৰ্মীয়ে অনশন আৰম্ভ কৰি একপ্ৰকাৰ আৰক্ষী-প্ৰশাসনক হেঁচা প্ৰয়োগ কৰিছে। অৱশ্যে মূল অভিযুক্ত জ'জক আটক কৰিব পাৰিলেহে সকলো কথা ফাদিল হ'ব।যদিও আৰক্ষী- প্ৰশাসনৰ নিৰ্বিকাৰ ভূমিকাই সমগ্ৰ ঘটনাটো  ৰহস্যঘন কৰি তুলিছে।

Your Comments