![cm](/sites/default/files/styles/article_detail/public/2019-06/WhatsApp%20Image%202019-06-10%20at%206.22.55%20PM.jpeg?itok=RIHI0ih7)
চেঙাৰ পৰা সুৰজিৎ পাঠক :
অসমীয়া সংস্কৃতিক বিপন্ন কৰিব বিচৰা ঘটনাক লৈ কঠোৰ হ'ব ৰাজ্য চৰকাৰ । ছয়গাৱৰ ঘটনাত জড়িতক ৰেহাই দিয়া নহ'ব বুলিও স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সোমবাৰে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ এইদৰে ক'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সোমবাৰে আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষ্যে নসত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
ইপিনে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ লগতে আশ্ৰমৰ ভকত সকলৰ সুবিধাৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ এটি শাখা মুকলি কৰা হয়। ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী গ্ৰামীণ অঞ্চলৰ ৫০তম শাখা হ'ল কৃষ্ণগুৰু সেৱাশ্ৰম শাখাটো । এই শাখা মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আনহাতে আজি গুৰুজনাৰ ৮৫ সংখ্যক আবিৰ্ভাৱ মহোৎসব উপলক্ষ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশ্ৰমৰ সুবৰ্ণ কুড়ত এক ঘন্টা ক্ৰমত বহে ।
- Log in to post comments
- 5 views