গোলাঘাট, ৯ জুনঃ-
গোলাঘাট সন্মিলিত মটৰ পৰিবহন সন্থাই গোলাঘাটৰ সমাজজীৱনত বিশিষ্ট বৰঙণি আগবঢ়াই ইতিমধ্যে এক অগ্ৰণী সামাজিক অনুষ্ঠানৰূপে পৰিচয় দিবলৈ সক্ষম হৈছে । আজি অনুষ্ঠানটোৱে গোলাঘাট নগৰত দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে আয়োজন কৰে এক 'বিশেষ সম্বৰ্ধনা আৰু সাহাৰ্য প্ৰদান অনুষ্ঠান' । দৈয়াং হোটেলৰ প্ৰেক্ষাগৃহত সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে । সন্মিলিত মটৰ পৰিবহন সন্থাৰ সাধাৰণ সম্পাদক শৰৎ শইকীয়াই আঁত ধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, সাংবাদিক দিগন্ত কুমাৰ ভূঞা, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি বিকাশ শৰ্মা, সাধাৰণ সম্পাদক ৰোহিত গগৈ, গোলাঘাট প্ৰেছ ক্লাবৰ সম্পাদক দেৱজিৎ ফুকন, অৰিয়েণ্টেল বেংকৰ শাখা প্ৰৱন্ধক বিবেকানন্দ ঝা, সাংবাদিক গিৰীণ বৰা,মটৰ পৰিবহন সন্থাৰ মূখ্য উপদেষ্টা জ্ঞানজ্যোতি নাথ আদিয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰণ কৰি বক্তব্য আগবঢ়ায় ।
অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে সন্মিলিত মটৰ পৰিবহন সন্থাই কিছু আৰ্থিক সাহাৰ্যয়ো প্ৰদান কৰে । 'পাব্লিক প্ৰেছৰ তৰফৰ পৰাও কৃতি ছাত্ৰ-ছাত্ৰীক অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয় । উল্লেখ্য, গোলাঘাট সন্মিলিত মটৰ পৰিবহন সন্থাই বিগত কেইবাটাও বছৰ ধৰি এনেদৰে দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক সকাহ দিয়াৰ উদ্দেশ্যে আন্তৰিক সদিচ্ছা প্ৰকাশ কৰি আহিছে । অনুষ্ঠানটোৰ এনে পদক্ষেপক সৰ্বস্তৰৰ ৰাইজে একমুখে শলাগ লৈছে।
- Log in to post comments
- 6 views