![laharighat](/sites/default/files/styles/article_detail/public/2019-06/WhatsApp%20Image%202019-06-09%20at%204.49.25%20PM.jpeg?itok=Vl_F7Vg8)
লাহৰীঘাটৰ পৰা স্বামীমূল ইছলামৰ প্ৰতিবেদন :
লাহৰীঘাট থানাৰ অন্তৰ্গত দক্ষিণ টেঙাগুৰি গাঁৱৰ একে পৰিয়ালৰ দুই শিশু পানীত পৰি সলিল সমাধি ঘটা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলায়। দক্ষিণ টেঙাগুৰি গাৱঁৰ আশ্বিকুল ইছলামৰ দুই সন্তান ক্ৰমে জুবাইৰ আলম (৮),আলফিনা তাউহিদ(৬) ৰ গা-ধোৱাই যেন কাল হ'ল। উল্লেখ্য যে কালি দুই ভাতৃ-ভগ্নী বিদ্যালয়ৰ পৰা গৈ দিনৰ এক মান বজাত ঘৰৰ ওচৰতে থকা জুগুনী বিলত গা-ধুবলৈ যি গ'ল তাৰ পিছত আকৌ ঘৰলৈ উভতি নাহিল দুই শিশু। স্থানীয় ৰাইজৰ লগতে লাহৰীঘাট থানাৰ আৰক্ষীয়ে ৰাতি দুই বজালৈ বিলত বিচাৰে যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু আজি পুৱা শিশু দুটিৰ মৃতদেহ পানীত ভাঁহি থকা দেখি পৰিয়ালৰ মাজত হাহাকাৰ লাগে।শিশু দুটি টেঙাগুৰি জাতীয় বিদ্যালয়ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত আছিল।পিছত মৃতদেহ দুটা লাহৰীঘাট আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
- Log in to post comments
- 25 views