গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাক বঙাইগঁও জিলা সাহিত্য সভাৰ স্মৰণ

sahitya

বঙাইগাঁওঃ৭ জুনঃ

বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু খগৰপুৰ স্বৰ্ণ শাখাৰ সহযোগত আজি খগৰপুৰ শালবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত গীতিকবি পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ ৫৫ সংখ্যক স্মৃতি দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন  কৰা হয় ৷ এই উপলক্ষে পুৱাৰ ভাগত অসম  সাহিত্য সভাৰ পতাকা উত্তোলন কৰে খগৰপুৰ শাখা সাহিত্য সভাৰ সভাপতি নিবাৰণ চন্দ্ৰ পাঠকে ৷ ইয়াৰ পিছতে গীতিকবি পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে খগৰপুৰ শালবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰতিভা দাসে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে গীতিকবিক সোঁৱৰণৰ লগত সংগতি ৰাখি শাখা সাহিত্য সভাৰ সভাপতি নিবাৰণ চন্দ্ৰ পাঠকৰ সঞ্চালনাত অনুষ্ঠিত হয় এক কবি সন্মিলন ৷

ইপিনে আবেলি বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ কুমাৰ পাঠকে উদ্দেশ্য বাখ্যা কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে জিলা সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক আব্দুছ ছবুৰে প্ৰয়াত গীতিকবি পাৰ্ৱতী প্ৰসাদ বৰুৱাৰ জীৱন আৰু কৃতীৰ ওপৰত আলোকপাত কৰে ৷ নিজৰ বক্তব্যত তেওঁ গীতিকবি গৰাকীৰ প্ৰতি সমাজৰ দৃষ্টিভংগী সাকাৰত্মক হোৱাৰ পোষকতা কৰে ৷ সভাত আন এজন বক্তা নিৰেণ চন্দ্ৰ দাসে এটি লিখিত বক্তৃতা পাঠ কৰি গীতিকবিৰ ওপৰত বিস্তাৰিত ভাৱে আলোচনা আগবঢ়ায় ৷

Your Comments