শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
কাছাৰ জিলাৰ ধলাইৰ ৰজনীখালত বন বিভাগৰ ভূমি দখল কৰি
বসতি স্থাপন কৰা ৮২ টা পৰিয়ালৰ ঘৰ আজি এজাক হাতীৰ সহযোগত লণ্ডভণ্ড কৰি পেলাই কাছাৰ জিলা প্রশাসনে।দীৰ্ঘ দিন ধৰি বন বিভাগৰ মাটি বেদখল কৰি স্থায়ীভাবে উক্ত স্থানত বসতি কৰি অহাৰ অভিযোগ আছিল এই উচ্ছেদিত পৰিয়াল সমূহৰ বিৰুদ্ধে।
ইফালে বিজেপিক ভোট নিদিয়াৰ ভাবেই আমাক উচ্ছেদ কৰা হ'ল বুলি সংবাদ মাধ্যমৰ ওচৰত অভিযোগ উখাপন কৰিলে একাংশ উচ্ছেদিত পৰিয়ালে।
বন বিভাগে আগতীয়াকৈ কোনো জাননী নিদি বলপূর্বক আমাৰ সপোনৰ ঘৰখন ভাঙি পেলালে বুলিও বিভাগটোৰ বিৰুদ্ধে কান্দি কান্দি সংবাদ মাধ্যমৰ সন্মুখত সোচ্চাৰ হৈ পৰে ভুক্তভোগী পৰিয়াল কেইটাৰ একাংশ সদস্য।
- Log in to post comments
- 38 views
