এপিজে আব্দুল কালাম বঁটাৰ বাবে নিৰ্বাচিত যমুনামুখৰ মিনতি দেবী কাকতি

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ: 

 হোজাই জিলা কবি সন্মিলনৰ অন্তৰ্গত যমুনামুখ শাখা কবি সন্মিলনৰ সভানেত্ৰী তথা বিশিষ্ট কবি-লেখিকা মিনতি দেবী কাকতি সমতা সাহিত্য একাডেমীৰ দ্বাৰা চলিত বৰ্ষৰ এপিজে আব্দুল কালাম বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ অহা ৯ জুনত ছিকিমৰ ৰাজধানী গেংটকৰ চামিট হোটেল এণ্ড ৰিচৰ্টৰ সভাকক্ষত এই বঁটা আগবঢ়োৱা হ'ব ৷ এই কথা সদৰি কৰে সমতা সাহিত্য একাডেমীৰ ৰাষ্ট্ৰীয় সভাপতি ডঃ ডি এছ তাণ্ডেকাৰে ৷ মিনতি দেবী কাকতিয়ে এই বঁটা লাভৰ খবৰে হোজাই জিলাবাসীৰ লগতে হোজাই জিলা কবি সন্মিলনৰ প্ৰতি গৰাকী কৰ্মীক আনন্দিত কৰি তুলিছে ৷ সমতা সাহিত্য একাডেমীৰ দ্বাৰা বঁটা প্ৰাপক কবি তথা সুলেখিকা মিনতি দেবী কাকতিলৈ অভিনন্দন জ্ঞাপন কৰিছে হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুচ চুলতান আৰু সম্পাদক জমিৰ উদ্দিন তালুকদাৰে ৷ 

 

Your Comments