পৰিৱৰ্তনৰ শ্লোগান আওৰাই শাসনৰ গাদীত বহা বিজেপি মিত্ৰজোঁট চৰকাৰখনে গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষাৰ মান উন্নত কৰিব বিচৰাৰ সময়তে ৰঙিয়াৰ উত্তৰ চিৰাখুন্দি প্ৰাথমিক বিদ্যালয়খনৰ বিপৰীত ছবিয়ে চিন্তিত কৰি তুলিছে অঞ্চলবাসীক ।
আজি নিউজ এএছএনৰ অনুসন্ধানত দেখিবলৈ পোৱা গ'ল এই বিদ্যালয়খনত এগৰাকী শিক্ষকে ১০৮গৰাকী ছাত্ৰ-ছাত্ৰীক একেটা কোঠাতে পাঠদান কৰি থকাৰ দৃশ্য । বিষয়টো সন্দৰ্ভত প্ৰধান শিক্ষকগৰাকীয়ে কেইবাবাৰো ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনা ফল ধৰা নাই ৷
আনহাতে, শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে শিক্ষক নিযুক্তিৰ বিষয়টোও চৰকাৰে গুৰুত্বসহকাৰে লোৱা নাই বুলি অভিযোগ উঠিছে ৷ এই বিষয়ে জানিবলৈ বিচৰাত আজি প্ৰধান শিক্ষকগৰাকীয়ে কয় যে যোৱা দুবছৰ ধৰি তেওঁ অকলে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে ।
তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে শিক্ষামন্ত্ৰীক শিক্ষানুষ্ঠানখনৰ উন্নয়নৰ লগতে পৰ্যাপ্ত শিক্ষক নিযুক্তি দি মানৱ সম্পদ গঢ়াত সহায় কৰিবলৈ আহ্বান জনায় । আনহাতে, ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত তেওঁলোকেও এগৰাকী শিক্ষকৰ দ্বাৰা পাঠ গ্ৰহণ কৰিবলগীয়া হোৱাত তেওঁলোক বহু ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰকাশ কৰে ৷
এই ক্ষেত্ৰত এবি এমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নজৰুল ইছলামেও পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়াৰ লগতে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা সহ্য কৰা নহ'ব বুলিও তেওঁ ক্ষোভেৰে কয় ৷ এবি এমছুৰ সমৰ্থকসকলে শিক্ষানুষ্ঠানখনত শিক্ষক নিযুক্তি দিয়াৰ দাবীত ধৰ্ণা দিয়ে ।
- Log in to post comments
- 94 views