ৰঙিয়া মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়, মহকুমা আৰক্ষী বিষয়া, বন বিষয়া, হস্ততাঁত বস্ত্ৰশিল্পৰ কাৰ্যালয় আৰু বিজুলী নগৰ হাইস্কুললৈ যোৱা পথটোৰ আধা অংশ নিৰ্মাণ হ'ল যদিও মাজৰ অংশ নিৰ্মাণ নকৰাকৈ ঠিকাদাৰে কাম সামৰাৰ ফলত সাধাৰণ পথচাৰীৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু মহকুমাধিপতিৰ কাৰ্যালয়লৈ অহা কৰ্মচাৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই এই জৰাজীৰ্ণ পথটো শীঘ্ৰে মেৰামতিৰ দাবীত পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
ৰঙিয়া বিধানসভা সমষ্টি আৰু কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ ফলত এজাক বৰষুণ হ'লেই একাঁঠু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে । ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক ছাত্ৰ-কৰ্মীৰ লগতে ৰঙিয়া মহাবিদ্যালয় আৰু মানবেন্দ্ৰ শৰ্মা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পথটো অৱৰোধ কৰি গড়কাপ্তানি বিভাগ হায় হায়, অসম চৰকাৰ হায় হায়, দুয়োটা সমষ্টিৰ বিধায়ক মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
এই সন্দৰ্ভত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী আৰু সহযোগী দলৰ এজন বিধায়ক থকাৰ পিছতো পথটোৰ আধা অংশ নিৰ্মাণ কৰিবলৈ নোৱাৰাটো অতি দুৰ্ভগ্যজনক । পৰিৱৰ্তনৰ শ্লোগান আওৰাই শাসনৰ গাদীত বহা মিত্ৰজোঁট চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত ফটাঢোল বজাই পথটো নিৰ্মাণ কৰিব নোৱাৰাটোৱে ব্যৰ্থতাৰ উদাহৰণ দাঙি ধৰে ।
ড়কপ্তানি বিভাগৰ গাফিলতিৰ ফলত পথটো জৰাজীৰ্ণ হৈ থাকিল বুলিও ক্ষোভ উজাৰে ছাত্ৰ নেতাগৰাকীয়ে । লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা আৰু বিধায়ক সত্যব্ৰত কলিতাক পথটো শীঘ্ৰে নিৰ্মাণ কৰি যাতায়াতৰ ক্ষেত্ৰত উপযোগী কৰি তুলিবলৈ দাৱী জনায় । অন্যথা ছাত্ৰ সন্থাই ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি ছাত্ৰ নেতাগৰাকীয়ে ব্যক্ত কৰে । ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিতু ডেকা, সাঃ সম্পাদক নিউটন কলিতা, ছাত্ৰ নেতা বুবুল আলী, শ্যামন্ত কলিতা, জয়ন্ত শৰ্মা, মৃণ্ময় কলিতাসহ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে ।
- Log in to post comments
- 32 views