![astra](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-21%20at%2010.40.55%20PM.jpeg?itok=TPUDWcLs)
সৰুপথাৰৰ পৰা নবীন বৰা
অসম- নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হল ৪ জন যুৱক ৷ নিশা আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় যুৱককেইজন ৷
কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যেৰে মাৰণাস্ত্ৰ সৰবৰাহ কৰিছিল যুৱকৰ দলটোৱে ৷ যুৱককেইজনৰ পৰা আৰক্ষীয়ে এটা একে৪৭ ৰাইফল, এটা মেগজিন,২৯ ৰাউণ্ড সক্ৰিয় গুলী, ৫ টা মোবাইল আৰু দুখন অট' জব্দ কৰিবলৈ সক্ষম হয় ৷
ধৃত যুৱককেইজন ক্ৰমে খয়াক কন্যাক, চাটাম কন্যাক, কাইমাং উঙ, আকা ছুমী। যুৱককেইজনৰ এজন এনএচচিএন(খাপলাং) গোটৰ সদস্য বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
আটক হোৱা যুৱককেইজন নগা বিদ্ৰোহী সংগঠনৰ সদস্য বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷
- Log in to post comments
- 31 views