ন-মাটি গাঁৱৰ বিশিষ্ট সমাজকৰ্মী চন্দ্ৰমোহন বৰুৱাৰ বিয়োগ

batadraba

বটদ্ৰৱাৰ পৰা মানস জ্যোতি মহন্ত

 

নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ন-মাটি গাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী চন্দ্ৰমোহন বৰুৱাৰ যোৱা  নিশা নিজ বাসগৃহত পৰালোকপ্ৰাপ্তি ঘটে। ৭৭ বছৰীয়া চন্দ্ৰমোহন বৰুৱা বিগত কেইবামাহ ধৰি স্নায়ু ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

 

জামুগুৰি কুজিডাহ গাঁও পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলৰ বৰুৱা অবিভক্ত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সভাপতি,কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, ভাৰতীয় জাতীয় কংগ্ৰেছৰ বটদ্ৰৱা সমষ্টি সমিতিৰ প্ৰাক্তন সভাপতি হোৱাৰ উপৰিও শ্ৰী মন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ এগৰাকী অন্যতম সদস্য আছিল।

 

একাধাৰে বায়ন, গায়ন, সূত্ৰধাৰ চন্দ্ৰমোহন বৰুৱাই ৰাস আৰু ভাওনাত কৰা কৃষ্ণৰ অভিনয়ৰ স্মৃতি আজিও ন-মাটি গাঁৱৰ ৰাইজে ৰোমন্থন কৰে। বিশিষ্ট সমাজকৰ্মী, শংকৰী সংস্কৃতিৰ সাধকগৰাকীৰ বিয়োগত বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আংগুৰলতা ডেকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা সমিতি, বেবেজীয়া প্ৰেছ ক্লাব, বটদ্ৰৱা প্ৰেছ ক্লাবকে প্ৰমুখ্য কৰি অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে।মৃত্যুৰ সময়ত বৰুৱাই পত্নী, দুজন পুত্ৰ, চাৰিগৰাকী জীয়াৰী,বোৱাৰী, নাতি-নাতিনীসহ বহু আত্মীয়- স্বজনক ইহসংসাৰত এৰি থৈ গৈছে।

Your Comments