লংকাৰ নখুটিত  ভয়ংকৰ অগ্নিকাণ্ড 

fr

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

 

লংকাৰ নখুটিৰ ৩ নং মৌজাদাৰ গাঁৱত শুকুৰবাৰে নিশা প্ৰায় ১০ মান বজাত সংঘটিত হয় এটা বিধ্বংসী অগ্নিকাণ্ড।নখুটিৰ ৩ নং মৌজাদাৰ গাঁৱৰ আমিৰ উদ্দিন নামৰ লোকজনৰ বাসগৃহৰ চৌহদৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ পিছত প্ৰায় ৭ টাকৈ গৃহলৈ জুই সম্প্ৰসাৰিত হৈ পৰে |ফলত সম্পূৰ্ণৰূপে বাসগৃহকেইটা জুইত ভষ্মীভূত হয় |

fr2

ইফালে,অগ্নিকাণ্ড সংঘটিত হোৱা মাত্ৰকে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত কিছু সময় পিছত অগ্নিনিৰ্বাপক বাহিনী  ঘটনাস্থলীত  উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় |এই ভয়ংকৰ অগ্নিকাণ্ডটোত পশুধনসহ প্ৰায় ২০ লক্ষাধিক মূল্যৰ সা- সম্পত্তি বিনষ্ট হৈছে বুলি জানিব পৰা গৈছে |

Your Comments