![banduk](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-19%20at%2010.51.48%20PM.jpeg?itok=mJzvQPg7)
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ
আগনিশা হোজাই জিলাৰ নখুটিত ১৭ বছৰীয়া এজন যুৱকক মিনাই নামৰ এজন ব্যক্তি আৰু তেওঁৰ সহযোগীয়ে বন্দুকেৰে গুলী কৰি আঘাতপ্ৰাপ্ত কৰাৰ ঘটনা পোহৰলৈ আহিছিল।
এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ৰাতি তিনিজন যুৱকক লামডিং আৰক্ষীয়ে আটক কৰি সোধ-পোচ কৰি কোনো তথ্য প্ৰমাণ নোপোৱাত ৰাতি মুকলি কৰি দিয়ে।
পুৱাৰ ভাগত ৰিবুল হুছেইন নামৰ ১৩ বছৰীয়া এজন কিশোৰক আটক কৰাত ৰিবুলৰ শ্বিকাৰোক্তিৰ আধাৰত ঘটনাস্থলীৰ পৰা হাতেসজা এটা বন্দুক, কেইটামান ফটকা আৰু মার্বল উদ্ধাৰ কৰে।
উক্ত বন্দুকটো চাই অনুমান হয় যে আঘাতপ্ৰাপ্ত যুৱকজনে নিজে বন্দুক ব্যৱহাৰ কৰোঁতে বন্দুকৰ গুলীয়ে ওলোটা গতি কৰাত ল'ৰাজন আঘাতপ্ৰাপ্ত হয়।অৱশ্যে আৰক্ষীৰ তদন্তত প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। তদন্তৰ খাতিৰত কিছু কথা আৰক্ষীয়ে প্ৰকাশ কৰা নাই
- Log in to post comments
- 12 views