সৰুপথাৰৰ পৰা নবীন বৰা
কাৰ্বি আংলঙৰ বোকাজানত যোৱা নিশা প্ৰায় ১০ বজাত নিৰ্বাচনৰ ইভিএম কঢ়িওৱা এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়৷নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত সোমাই পৰে আৰক্ষীৰ বাহনখন। এই দুৰ্ঘটনাত খণ্ড বিষয়াসহ কেইবাজনো জোৱান আহত হয়। আহতসকলক সংকটজনক অৱস্থাত ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়।
বোকাজানৰ কয়লামাটিৰ পৰা বোকাজান উঃমাঃবিদ্যালয়ৰ 'ষ্ট্ৰং ৰূম'লৈ আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় গাড়ীখন।দুৰ্ঘটনাৰ ফলত কোনো ক্ষতিসাধন হোৱা নাই ইভিএমৰ ৷
- Log in to post comments
- 241 views