লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
১০নং নগাঁও লোকসভা সমষ্টিৰ মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰডোবাটোপ গাঁও পঞ্চায়তৰ ১০ নং খণ্ডৰ ভোটকেন্দ্ৰত ইভিএমত বিজুতি ঘটে।যাৰ বাবে প্ৰায় ডেৰ ঘন্টা পলমকৈ অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া।
ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱা ৫ বজাৰ পৰাই দূৰ-দূৰণিৰ পৰা অহা ভোটাৰসকলে প্ৰখৰ ৰ'দত শাৰীত থিয় হৈ আছিল।ইভিএমৰ বিজুতিৰ বাবে যথেষ্ট সময় অপেক্ষা কৰিব লগীয়া হোৱাত ভোটাৰসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত ইভিএমৰ বিসংগতি আঁতৰাই আৰম্ভ কৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া।
- Log in to post comments
- 21 views