যৌতুকৰ বাবে ৰহস্যজনক মৃত্যুক সাৱটিলে  নৱ-বিবাহিতাই :উত্তপ্ত চাচনী

joutuk

নামৰূপৰ পৰা সমীৰণ বৰুৱা
 

বিবাহিত জীৱনৰ বহুতো সপোন দেখি যোৱা ২ জানুৱাৰীত চাচনী ভকত গাঁও নিৱাসী ৰিতুপৰ্ণ দত্তৰ (৩৫)ৰ সৈতে নৱ জীৱনৰ পাতনি মেলি অকালতে প্ৰাণ হেৰুৱালে এনি সোণোৱাল (২৩) নামৰ এগৰাকী যুৱতীয়ে। ভুক্তভোগী পৰিয়ালৰ অভিযোগ মতে টেঙাখাত ভেকোলাজানৰ এই যুৱতীগৰাকীয়ে বিবাহৰ পিছৰে পৰা স্বামী ৰিতুপৰ্ণৰ পৰা পাই আহিছিল অকথ্য নিৰ্যাতন। বিভিন্ন সময়ত বিভিন্ন কাৰণত লাঞ্চিতা হ'বলগীয়া হৈছিল বিবাহিতা যুৱতীগৰাকী। মৃত্যুৰ দুদিনমান পূৰ্বে স্বামীৰ বাহনখনৰ মেৰামতিৰ অজুহাত লৈ টকা-পইচা খুজি সমন্ধীয়া ভগ্নী আৰু নিজৰ ককায়েকক ফোন কৰিবলৈও বাধ্য কৰোৱা হৈছিল ।  


ডিঙিত চিপজৰী লৈ অৰ্ধমৃত অৱস্থাত থকা এনিক আৰক্ষী প্ৰশাসন তথা এনিৰ পৰিয়ালৰ অজ্ঞাতষাৰেই লৈ যোৱা হৈছিল দুলীয়াজানস্থিত অইল ইণ্ডিয়া চিকিৎসালয়লৈ, যি ঘটনাটোক হত্যাকাণ্ড বুলি স্পষ্ট কৰিছে বুলি অভিযোগ কৰিছে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালটোৱে। এনিৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত চাচনী আৰক্ষী চকীত গ্ৰেপ্তাৰ কৰা হয় ৰিতুপৰ্ণক। 


তাৰপিছতেই নাহৰকটীয়া আৰক্ষী থানালৈ লৈ অহা হয়।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।

Your Comments