![guli](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-18%20at%2012.04.25%20AM.jpeg?itok=4pCPMMtb)
লংকাৰ পৰা মনোজ কুমাৰ পাঠক :
আজি বিয়লি হোজাই জিলাৰ নখুঁটিত সংঘটিত হয়
এটা গুলীচালনাৰ ঘটনা । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ নখুঁটিৰ ছাৰ্থেগাওঁত আজি সন্ধিয়া গৰু চৰাবলৈ অৰণ্যলৈ বুলি যোৱা কলিম উদ্দিন নামৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰক ৪-৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে বন্দুকৰে বুকুত গুলীয়াই আহত কৰে।
পৰৱৰ্তী সময়ত আহত কিশোৰজনে সেই স্থানৰ পৰা কোনোমতে পলাই আহিবলৈ সক্ষম হয়।পিছত পৰিয়ালৰ লোকে আহত কিশোৰজনক ততাতয়াকৈ লংকা খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসালয় কতৃপক্ষই কিশোৰজনৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰে।
কিশোৰজনে দুৰ্বৃত্তৰ দলৰ একাংশক ইতিমধ্যে চিনাক্ত কৰিবলৈ সক্ষম হৈছে। পাৰিবাৰিক কন্দলৰ পোতক তুলিবলৈ এই ঘটনা সংঘটিত কৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।
- Log in to post comments
- 7 views