ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ কাউৰবাহা অঞ্চলৰ প্ৰাক্তন সেনা জোৱানৰ পৰিয়ালৰ নামো এন আৰ চিৰ খচৰাত প্ৰকাশ নাপালে ৷ লগতে অঞ্চলটোৰ প্ৰায়সংখ্যক মানুহৰ ১৯৫১ চনৰ ভোটাৰ তালিকা, লিগেচী ডাটাত নাম থকাৰ পিছতো এন আৰ চিত নাম সন্নিৱিষ্ট নোহোৱা বুলি অঞ্চলবাসীয়ে ব্যক্ত কৰিছে ৷
এই ক্ষেত্ৰত তেওঁলোকে অভিযোগ কৰি কয় যে গাঁওবুঢ়াগৰাকীৰ হেমাহি আৰু গাফিলতিৰ ফলত তেওঁলোকৰ সম্পূৰ্ণ কাগজ-পাতি থকাৰ পিছতো নাম এন আৰ চিৰ খৰচৰাত প্ৰকাশ নাপালে । এতিয়া বিভাগীয় কৰ্তৃপক্ষই কাগজসমূহ ভালকৈ পৰীক্ষা কৰি এন আৰ চিত নাম সন্নিৱিষ্ট কৰাৰ বাবে আহ্বান জনায় ।
উল্লেখ্য যে গাঁওখনৰ কোনোবা পৰিয়ালৰ যদি ভায়েকৰ নাম আহিছে, ককায়েকৰ অহা নাই আৰু কাৰোবাৰ দেউতাকৰ আহিছে যদিও পুতেকৰ অহা নাই । এই ক্ষেত্ৰত এটা সঠিক সিদ্ধান্ত লৈ চৰকাৰক সহায় কৰিবলৈ অঞ্চলবাসীয়ে আহ্বান জনাইছে ।
- Log in to post comments
- 164 views