ৰঙিয়াত ছহিদ বেদীৰ সংৰক্ষিত এলেকা বেদখলকাৰীৰ কবলত

ৰঙিয়াত ছহিদ বেদীৰ সংৰক্ষিত এলেকা বেদখলকাৰীৰ কবলত

ৰঙিয়া তিনিআলিত থকা ছহিদ বেদীৰ সংৰক্ষিত এলেকা এতিয়া অবৈধভাৱে দখল কৰি তাত দোকান স্থাপন কৰাৰ যো-জা চলাইছে ।
২ বছৰ আগতে ৰঙিয়াৰ ৰঙালী বিহু সন্মিলনে ছহিদ বেদীৰ কাষত স্বনামধন্য ব্যক্তি ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল ।

ৰঙিয়াত ছহিদ বেদীৰ সংৰক্ষিত এলেকা বেদখলকাৰীৰ কবলত

ৰঙিয়াৰ বিধায়ক তথ্য বৰ্তমানৰ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই বিধায়ক পুঁজিৰ পৰা মূৰ্তিকেইটা স্থাপন কৰি দিয়াৰ লগতে গৰুবিহুৰ দিনা আধাৰশিলা স্থাপন কৰিছিল । অৱশ্যে ধনখিনি মোকলাই নিদিয়াৰ ফলত এতিয়ালৈকে কামখিনি আৰম্ভ কৰিব পৰা নাই । কিন্তু ছহিদ বেদীৰ সংৰক্ষিত এলেকা এতিয়া অবৈধভাৱে বেদখল কৰাত আছুৰ নেতৃত্ব শংকিত হৈ আজি ৰঙিয়া মহকুমাৰ মহকুমাধিপতিক অবৈধ বেদখল উচ্ছেদক বাবে স্মাৰক-পত্ৰ প্ৰদান কৰে ।

ৰঙিয়াত ছহিদ বেদীৰ সংৰক্ষিত এলেকা বেদখলকাৰীৰ কবলত

ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বুবুল আলী, ৰাজকুমাৰ কলিতাৰ নেতৃত্বত যোৱা এটা দলে মহকুমাধিপতিক বেদখলৰ বিষয়টো দৃষ্টিগোচৰ কৰে ।


 

Your Comments