![লেখিকা](/sites/default/files/styles/article_detail/public/2019-03/hajo.jpg?itok=-BPl1Tvl)
কমলাকান্ত দাসৰ প্ৰতিবেদন
অসম মহিলা কবি মঞ্চৰ বিশ্বনাথ চাৰিআলি শাখাৰ উদ্যোগত তিৰুপতি ভৱনত আয়োজিত সভাত লেখিকা গীতাঞ্জলি বৰা বৰদলৈৰ দুখন কবিতাৰ পুথি উন্মোচন কৰা হয়। শাখাৰ সভানেত্ৰী লাৱণ্য বৰা হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত লেখিকাৰ 'কুঁৱৰীটোলৰ কোমল গান্ধাৰ' উন্মোচন কৰে অসম মহিলা কবি মঞ্চৰ মুখ্য সম্পাদিকা পূষ্পা গগৈয়ে। লেখিকাৰ আনখন কবিতা পুথি 'কূহকিনী সন্ধিয়াত জোনাকী'খন উন্মোচন কৰে কবি ইন্দ্ৰ প্ৰসাদ শইকীয়াই। সভাৰ আঁত ধৰে শাখাৰ মহিলা কবি মঞ্চৰ বিউটী ফুকন গগৈয়ে।
- Log in to post comments
- 43 views