![গোলাঘাটত অৰুণাচলী সুৰাৰ পয়োভৰ](/sites/default/files/styles/article_detail/public/2019-03/1d3b305d-8be9-40f9-8aac-1dfd6efcf172.jpg?itok=3l80Sqqe)
গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
গোলাঘাটত চুলাই সেৱনত প্ৰায় ডেৰ শতাধিক লোক মৃত্যুমুখত পৰাৰ পিছত গোলাঘাট আৰক্ষী আৰু আবকাৰী বিভাগৰ সুৰাৰ ঘাটি উচ্ছেদ অভিযান পূৰ্ণগতিত চলি থকাৰ মাজতে সেই ঠাই লৈছে অৰুণাচলী আৰু বোকাখাতৰ বিলাতী সুৰাই। যোৱা দুদিন পূৰ্বে গোলাঘাটৰ ৰঙাজান অঞ্চলত আবকাৰী বিভাগৰ অভিযানত প্ৰায় ৩০ লক্ষাধিক মূল্যৰ অৰুণাচলৰ সুৰা জব্দ হোৱাৰ পিছত পুনৰ দেওবাৰে নিশা খুমটাই অঞ্চলৰ ১নং বুটলিখোৱা গাঁৱত স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ সহযোগত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। ৰাইজৰ প্ৰশ্ন যে সুৰাৰ বিৰুদ্ধে আৰক্ষী-আবকাৰী বিভাগৰ অভিযানৰ পিছতো কেনেকৈ এই সুৰাৰ ঘাটিসমূহত অৰুণাচল আৰু বোকাজানৰ খটখটীৰ পৰা অহা বিলাতী সুৰাই ঠাই লৈছে। তেনে ক্ষেত্ৰত আৰক্ষী-আবকাৰী বিভাগৰ এই অভিযানে আশ্বস্ত কৰিব পৰা নাই গোলাঘাটবাসীক।
- Log in to post comments
- 3 views