ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
হোজাই জিলাৰ ডবকাৰ ভেলৌগুৰীত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন দলঙৰ তলত আজি দুপৰীয়া এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ৷ ইয়াকে কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ডবকাৰ ভেলৌগুৰিস্থিত পাৱাৰ গ্ৰীড কৰ্পাৰেচনৰ সমীপতে এই ঘটনা সংঘটিত হয় ৷
মৃত মহিলাগৰাকী ভেলৌগুৰিৰে চুখীয়া গৌড় (৪৫) বুলি চিনাক্ত কৰা হৈছে। আজি পুৱা একাংশ স্থানীয় লোকে দলংখনৰ তলত এটি মৃতদেহ প্ৰত্যক্ষ কৰি ডবকা আৰক্ষী থানাত খবৰ দিয়ে ৷ ডবকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ চুখীয়া গৌড় নামৰ মহিলাগৰাকীৰ শৰীৰত বহু স্থানত আঘাতৰ চিন প্ৰত্যক্ষ কৰি কোনো দুৰ্বৃত্তই হত্যা কৰি এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷
ইতিমধ্য ডবকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ চুখীয়া গৌড় নামৰ মহিলাগৰাকী যোৱা ১৪ মাৰ্চৰ সন্ধিয়াৰ পৰা নিখোজ হৈ আছিল ৷
- Log in to post comments
- 20 views