বঙাইগাঁৱত বিশ্ব গ্ৰাহক দিৱস পালন

বঙাইগাঁৱত বিশ্ব গ্ৰাহক দিৱস পালন

বঙাইগাঁৱত খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগে শুকুৰবাৰে বিশ্ব গ্ৰাহক দিৱস পালন কৰে। এই উপলক্ষে বঙাইগাঁও টাউন হলত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে বঙাইগাঁও পৌৰসভাৰ সভাপতি দীপু চৌধুৰীয়ে। ভাষণ প্ৰসংগত তেওঁ কয় যে গ্ৰাহক হিচাপে আমি সকলোৱে যাতে কোনো প্ৰতাৰণাৰ বলি নহয় তাৰ প্ৰতি আমি সদায় সজাগ হৈ থকা উচিত। গ্ৰাহক হিচাপে আমাৰ যি সাংবিধানিক অধিকাৰ আছে তাক সাব্যস্ত কৰাটো আমাৰ দায়িত্ব, আমি তাক সদ্ব্যৱহাৰ কৰা উচিত।

বঙাইগাঁৱত বিশ্ব গ্ৰাহক দিৱস পালন

যোগান বিভাগ বঙাইগাঁৱৰ জ্যেষ্ঠ পৰিদৰ্শক আব্দুল জলিল খানে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বঙাইগাঁৱত থকা যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপ-সঞ্চালক অতুল তালুকদাৰেও বক্তব্য ৰাখে। সভাত উপস্থিত ৰাইজৰ মাজৰ পৰা বেণীমাধৱ ৰায় আৰু বিনোদ দাসে গ্ৰাহকৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ হ'বলৈ ৰাইজক আহ্বান জনায়৷ সভাত অৰ্ধশতাধিক গ্ৰাহক উপস্থিত থাকে।

Your Comments