বঙাইগাঁৱত প্ৰিজাইডিং আৰু প'লিং বিষয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন

বঙাইগাঁৱত প্ৰিজাইডিং আৰু প'লিং বিষয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন

 

৬নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৩২নং বঙাইগাঁও বিধানসভাৰ অধীনৰ প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলক আজি বীৰঝৰা কন্যা মহাবিদ্যালয়ত প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হয়৷ তেওঁলোকক মাষ্টাৰ প্ৰশিক্ষক ৰোহিণী চৌধুৰী, জীৱন ৰয়, বিজয় মজুমদাৰ, ৰূপাঞ্জলী দেৱী, জিমলি দাস, সতীশ তালুকদাৰ, কমলকৃষ্ণ গুপ্তা আদিকে কৰি ১০গৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষণত প্ৰিজাইডিং আৰু প'লিং  বিষয়াসকলক ইভিএমত ভোট গ্ৰহণ আৰু ভিভি পেট ব্যৱহাৰ সম্পৰ্কে শিকোৱা হয়। তদুপৰি, ভোট গ্ৰহণৰ অন্যান্য কাম যেনে মকপোল প্ৰিজাইডিং বিষয়াৰ ডায়েৰী লিখা, দৰকাৰী প্ৰ-পত্ৰ পূৰণ আদিৰ বিষয়েও শিকোৱা হয়।

উল্লেখ্য যে বঙাইগাঁও বিধানসভা সমষ্টিত আঠটা ভোট গ্ৰহণ কেন্দ্ৰত মহিলাকো প্ৰিজাইডিং আৰু প'লিং বিষয়া হিচাপে নিয়োগ কৰা হ'ব। বঙাইগাঁও সমষ্টিটোত পুৰুষ আৰু মহিলা মিলি মুঠ ১,২০৮গৰাকী প্ৰিজাইডিং আৰু প'লিং বিষয়াই ২৪২টা ভোট গ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণত নিয়োজিত হ'ব৷ আজিৰ প্ৰশিক্ষণ কাৰ্যসূচী বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে সামগ্ৰিকভাৱে তদাৰক কৰে।

Your Comments