নিউজীলেণ্ডৰ হত্যাকাণ্ডৰ প্ৰতিবাদত হাউলীত মমবাতি লৈ সমদল

নিউজীলেণ্ডৰ হত্যাকাণ্ডৰ প্ৰতিবাদত হাউলীত মমবাতি লৈ সমদল

হাউলীৰ পৰা দিদাৰ হুছেইন

শুকুৰবাৰে নিউজীলেণ্ডৰ মছজিদত সংঘটিত সন্ত্রাসবাদীৰ বৰ্বৰ হত্যাকাণ্ডৰ বিৰুদ্ধে আজি বৰপেটা জিলাৰ হাউলী চাৰিআলি চ'কত সন্ধিয়া ৬ বজাত এছ আই অ', অসম উত্তৰ মণ্ডলৰ উদ্যোগত মমবাতি জ্বলাই এক প্ৰতিবাদী সমদল উলিওৱা হয়| উক্ত কাৰ্যসূচীত সংগঠনটোৰ ৰাজ্যিক সম্পাদক আজনুৰ হক আৰু সাপ্তাহিক মুজাহিদ কাকতৰ সম্পাকদ ছফিকুল ইছলাম উপস্থিত থাকি নিউজীলেণ্ডৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাটোৰ লগত জড়িত সন্ত্রাসবাদীসকলক কঠোৰ হাতেৰে দমন কৰিবলৈ ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ দাবী কৰে| কাৰ্যসূচীত এছ আই অ'ৰ প্ৰায় শতাধিক কৰ্মী আৰু স্থানীয় নাগৰিকে অংশগ্ৰহণ কৰে|

Your Comments