নদী মথাউৰি, গঞাৰ জীৱনলৈ কঢ়িয়াইছে ভাবুকি : ডবকাৰ ২নং বালি মহল বন্ধ কৰাৰ দাবী

তোক

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ 
লাখ লাখ টকাৰ ৰাজহ ফাঁকি দি ডবকাৰ যমুনা নদীৰ পৰা চলিছে অবৈধ বালিৰ ৰমৰমীয়া ব্যৱসায় ৷ একাংশ বালি মাফিয়াই দিনে-নিশাই শ শ ট্ৰাক বালি হোজাই, নগাঁও আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰাৰ অভিযোগে সম্প্ৰতি জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ হোজাই জিলাৰ ডবকাৰ যমুনা নদীত স্থাপন কৰা ২নং বালি মহলক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

মহলটো বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে গঞা ৰাইজে ৷ অভিযোগ মতে, বালি সৰবৰাহ কৰা গধুৰ ট্ৰাকৰ আহ-যাহৰ ফলত যমুনা নদীৰ মথাউৰিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে সংৰক্ষিত বনাঞ্চলকো প্ৰভাৱিত কৰিছে ৷ ডবকাৰ ২নং বালি মহলটো যিটো স্থানত স্থাপন কৰা হৈছে তাৰে এটা পাৰত আছে সংৰক্ষিত বনাঞ্চল আৰু আনটো পাৰত আছে ডবকাৰ যমুনা মথাউৰি ৷ খনন আৰু খনিজ সম্পদ বিধি অনুসৰি এনে স্পৰ্শকাতৰ ঠাইত বালি মহল আবন্টন আৰু স্থাপন কৰিব নোৱাৰে ৷

কিন্তু বন বিভাগৰ একাংশ অৰ্থলিপ্সু বিষয়াই মাত্ৰ কেইটিমান টকাৰ বিনিময়ত সংৰক্ষিত বনাঞ্চল আৰু যমুনা মথাউৰি সংলগ্ন অঞ্চলত বালি মহল স্থাপন কৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷ এনে মহলবোৰে চৰকাৰী নিয়মমতে ৰাজহ জমা দিছে যদিও প্ৰতিটো দিনতে শ শ ট্ৰাক বালি বিনা চালানতে সৰবৰাহ চলি আছে ৷ মাত্ৰ দুদিন পূৰ্বে ডবকা আঞ্চলিক ছাত্ৰ সন্থাৰ এক অভিযানত এদিনতে ৫ খনকৈ চোৰাং বালি ভৰ্তি ট্ৰাক ধৰি বন বিভাগক চমজাই দিছিল ৷

তাৰ পিছত বন বিভাগে সাৰ পোৱাৰ বিপৰীতে চোৰাং বালি ব্যৱসায়ীসকলৰ মাজত এক আতংকৰ সৃষ্টি হৈছিল ৷ ডবকাৰ যমুনা উপত্যকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ডবকা ২নং বালি মহলটো জন বসতিপূৰ্ণ স্থানত হোৱাত স্থানীয় আবাসী আৰু জনজীৱনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ বালি মহলটোলৈ ট্ৰাকৰ চলাচল কৰাৰ ফলত অঞ্চলটো প্ৰদূষিত হোৱাৰ লগতে গাওঁখনত থকা অনুষ্ঠান-প্ৰতিষ্ঠানলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ৷

যোৱা বাৰিষাৰ সময়ত যমুনাৰ প্ৰলয়ংকাৰী বানত যমুনা নদীৰ মথাউৰিছোৱা এক প্ৰকাৰ উটি যোৱাৰ উপক্ৰম হৈছিল ৷ স্থানীয় গঞা ৰাইজৰ জীৱন ৰেখা সদৃশ্য মথাউৰিয়েদি ডবকাৰ পূব অঞ্চলৰ কেবাখনো গাঁৱৰ ৰাইজ, স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে আহ-যাহ কৰে ৷ নদীৰ খহনীয়াত পৰি ঠায়ে ঠায়ে অত্যন্ত ঠেক হৈ পৰা মথাউৰিৰ ওপৰেদি বালি ভৰ্তি ট্ৰাকৰ যাতায়াতৰ ফলত সাধাৰণ লোকৰ আহ-যাহ অত্যন্ত কঠিন হৈ পৰিছে ৷

কেৱল সেয়াই নহয়, এই মহলটো স্থাপনত খনি আৰু খনিজ সম্পদ বিধিও লংঘন কৰা হৈছে ৷ এই বিধি অনুসৰি নদী মথাউৰি, জনবসতিপূৰ্ণ এলেকাত কোনো মহল স্থাপন কৰিব নোৱাৰে ৷ কিন্তু এই মহলটো যমুনা মথাউৰিৰ পৰা মাত্ৰ কেই মিটাৰমান আঁতৰত অৱস্থিত ৷ স্থানীয় ৰাইজে ডবকাৰ ২নং বালি মহল বন্ধ কৰাৰ দাবী জনাইছে ৷ এই দাবীৰ প্ৰতি বন বিভাগ, বনমন্ত্ৰী আৰু হোজাই জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

Your Comments