অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙিয়াস্থিত কাৰ্যালয়টো এজাক বৰষুণতেই পানীৰ তলত ডুব যায় । পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে পৰিবহণ নিগমত লাখ লাখ টকা খৰচ কৰি নিগমটোৰ উন্নয়নৰ চেষ্টা কৰিছে যদিও সেয়া যেন ফুটুকাৰ-ফেনতহে পৰিণত হৈছে ।
আনহাতে, ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী ৰঙিয়াত থকাৰ পিছতো ৰঙিয়াৰ পৰিবহণ নিগমটোৰ ক্ষেত্ৰত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । নিউজ এএছএনৰ নিজাববীয়া অনুসন্ধানত দেখিবলৈ পোৱা গ'ল যে ৰঙিয়াৰ পৰিবহণ নিগমৰ কাৰ্যালয়ৰ বিশাল বিশাল কোঠাকেইটাত একাঁঠু পানী থকাৰ ফলত কৰ্মচাৰীসকলে কাম-কাজ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ।
ইয়াৰ ফলত তেওঁলোকে এটা সৰু কোঠাৰ ভিতৰত বহিয়েই নিগমৰ কাম-কাজ কৰিবলগীয়া হৈছে । আওপুৰণি কাৰ্যালয়টোৰ কোঠাৰ বেৰবোৰো লাহে লাহে জহি-খহি যাবলৈ লৈছে । উল্লেখ্য যে আজিৰে পৰা প্ৰায় দুবছৰ আগতে উক্ত কাৰ্যালয়টোৰ গৃহ পুনৰ নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰা হৈছিল যদিও সেই প্ৰক্ৰিয়া সিমানতে থমকি ৰ'ল ৷ কি অজান কাৰণত পুনৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ নহ'ল সেয়া এক ৰহস্যৰ বিষয় ৷
আনহাতে, পৰিৱৰ্তনকামী চৰকাৰৰ পৰিবহণ মন্ত্ৰীগৰাকীয়ে ৰঙিয়াস্থিত পৰিবহণ নিগমৰ কাৰ্যালয়টো নতুনকৈ নিৰ্মাণ কৰি কৰ্মচাৰীসকলক কাম কৰাৰ সুবিধাকণ দিয়াৰ সময় হ'বনে বুলিও স্থানীয় ৰাইজে প্ৰশ্ন তুলিছে ৷ কেৱল পৰিৱৰ্তনৰ শ্লোগান আওৰাই থাকোঁতেই পাঁচটা বছৰ অতিক্ৰম কৰিব নেকি সেয়াও সময়তহে লক্ষণীয় হব ।
এই সম্পৰ্কত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সদস্য প্ৰবাল বুজৰবৰুৱাই নিউজ এএছএনৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰকাৰে কোটি কোটি টকা খৰচ কৰি বিদেশী কোম্পানীৰ পৰা গাড়ী কিনাত গুৰুত্ব প্ৰদান কৰিছে৷ কিন্তু পৰিবহণ নিগমৰ সম্পত্তি ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা নাই৷ গতিকে এই ক্ষেত্ৰত পৰিবহণ নিগমে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ নহ'লে এনেকৈয়ে পৰিবহণ নিগমটো ধ্বংস হৈ যাব বুলিও তেওঁ মত প্ৰকাশ কৰে৷
- Log in to post comments
- 67 views