নামৰূপৰ পৰা সমীৰণ বৰুৱা
নামৰূপত বি ভি এফ চি এলত থকা চি আই এছ এফ গোটটোৰ বুধবাৰে ৫০ বছৰ সম্পূৰ্ণ হয়৷ এই উপলক্ষে বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে এক অনুষ্ঠানৰ আয়োজন কৰে৷ এই অনুষ্ঠানত ৰক্তদান আৰু সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে৷

পূৰ্বাঞ্চল ৰিছাৰ্চ মেনেজমেণ্ট কমিটীৰ নাহৰকটীয়া শাখাৰ সাংগঠনিক সম্পাদক বিশ্বধৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট অতিথি আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে চি আই এছ এফৰ সহ-অধিনায়ক বি বিদ্যাসাগৰ, বি ভি এফ চি এল চিকিৎসালয়ৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ আই কে লাহন, ইউনিচেফৰ ফেইট লীডাৰ সূৰয ৰংছোৱাল, পূৰ্বাঞ্চল ৰিছাৰ্চ মেনেজমেণ্ট কমিটীৰ সাধাৰণ সম্পাদক জিতু পাঠক তথা ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সদস্যসকল উপস্থিত থাকে৷

এই অনুষ্ঠানত এক ৰক্তদান শিবিৰৰ আয়োজন কৰে৷ শিবিৰ উদ্বোধন কৰে চি আই এছ এফৰ সহ-অধিনায়ক বি বিদ্যাসাগৰে৷ প্ৰায় ৩০গৰাকী লোকে এই
শিবিৰত ৰক্তদান কৰে৷
- Log in to post comments
- 28 views
