য়ুথ ক্লাবৰ উদ্যোগত কাশ্মীৰৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি বৰদৌলগুৰিবাসীৰ

য়ুথ ক্লাবৰ উদ্যোগত কাশ্মীৰৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি বৰদৌলগুৰিবাসীৰ

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰোচিত আক্ৰমণত ছহিদ হয় চিআৰপিএফৰ ৪৪জনকৈ জোৱান৷ ছহিদ জোৱানসকলৰ প্ৰতি দেশৰ প্ৰান্তে প্ৰান্তে জ্ঞাপন কৰা হৈছে গভীৰ শ্ৰদ্ধাঞ্জলি৷ লগতে সন্ত্ৰাসবাদী সংগঠনৰ মদতপুষ্ট পাকিস্তানৰ বিপক্ষে দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে৷

য়ুথ ক্লাবৰ উদ্যোগত কাশ্মীৰৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি বৰদৌলগুৰিবাসীৰ

সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে ছহিদসকলৰ প্ৰতি জ্ঞাপন কৰিছে গভীৰ শ্ৰদ্ধাঞ্জলি৷ আজি ছিপাঝাৰৰ বৰদৌলগুৰিতো দেশমাতৃক ৰক্ষাত নিয়োজিত ছহিদ জোৱানসকলক স্মৰণ কৰি জ্ঞাপন কৰা হয় গভীৰ শ্ৰদ্ধাঞ্জলি৷ বৰদৌলগুৰিৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান য়ুথ ক্লাবৰ উদ্যোগত আয়োজন কৰা হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ৷

য়ুথ ক্লাবৰ উদ্যোগত কাশ্মীৰৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি বৰদৌলগুৰিবাসীৰ

ক্লাবৰ সভাপতি-সম্পাদক, বিষয়ববীয়াকে ধৰি অঞ্চলটোৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে ইয়াত অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলনেৰে বীৰ জোৱানসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সাংবাদিক ৰঞ্জিত নাথে আঁতধৰা অনুষ্ঠানত জয়ন্ত শইকীয়া, অনন্ত চহৰীয়া, গিয়াচুদ্দিন আহমেদ, স্নেহলতা চহৰীয়া আৰু নিৰেন চন্দ্ৰ নাথে বক্তব্য ৰাখি এনেধৰণৰ সন্ত্ৰাসবাদী কাৰ্যক গৰিহণা দিয়াৰ লগতে বীৰ গতিপ্ৰাপ্ত জোৱানসকলক সশ্ৰদ্ধ সোঁৱৰণ কৰে৷

Your Comments