ডবকাৰ জাব্ৰাখোৱাত চিমেণ্ট ফেক্টৰীত অঘটন : ভূমিস্খলনত নিহত ১ শ্ৰমিক, আহত ৩

ডবকাৰ জাব্ৰাখোৱাত চিমেণ্ট ফেক্টৰীত অঘটন : ভূমিস্খলনত নিহত ১ শ্ৰমিক, আহত ৩

ডবকাৰ পৰা  জমিৰ উদ্দিন তালুকদাৰ


হোজাই জিলাৰ ডবকাৰ সমীপৱৰ্তী জাব্ৰাখোৱাস্থিত মহাবলী চিমেণ্ট ফেক্টৰীৰ ভিতৰত বিল্ডিঙৰ নিৰ্মাণকাৰ্য চলি থকাৰ সময়ত ভূমিস্খলন ঘটি ধুবুৰী জিলাৰ এজন শ্ৰমিকৰ কৰুণ মৃত্যু হোৱাৰ লগতে তিনিজন শ্ৰমিক আহত হোৱা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বাতৰি অনুসৰি, চিমেণ্ট ফেক্টৰীৰ ভিতৰত বিল্ডিঙৰ কামৰ বাবে মাটিৰ ১৫ ফুট তলত শ্ৰমিকৰ এটা দলে কাম কৰি আছিল৷ হঠাৎ শ্ৰমিকসকলৰ ওপৰত মাটি খহি পৰাত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন শ্ৰমিক আহত হয়৷ ততাতৈয়াকৈ স্থানীয় ৰাইজ আৰু অইন শ্ৰমিকে মিলি নিহত শ্ৰমিকজনক উদ্ধাৰ কৰাৰ লগতে আহতসকলক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়৷

ডবকাৰ জাব্ৰাখোৱাত চিমেণ্ট ফেক্টৰীত অঘটন : ভূমিস্খলনত নিহত ১ শ্ৰমিক, আহত ৩

নিহত শ্ৰমিকজন ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ নজৰুল ইছলাম (৪৪) বুলি চিনাক্ত হৈছে৷ চিমেণ্ট ফেক্টৰীত কাম কৰি থকাৰ সময়ত ভূমিস্খলন ঘটি মৃত্যুবৰণ কৰা শ্ৰমিকজনৰ লগতে আহতসকলক জেচিবিৰে খান্দি উলিয়াব লগা হয়৷ দুৰ্ঘটনাটোত বাহাৰ উদ্দিনসহ তিনিজন শ্ৰমিক আহত হয় যদিও বাতৰি যুগুত কৰালৈকে বাকীসকলৰ নাম পোৱা নগ'ল৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচত চিমেণ্ট ফেক্টৰী কৰ্তৃপক্ষই উদ্ধাৰ কাৰ্যৰ বাবে বাহিৰৰ কোনো লোকক ফেক্টৰীৰ ভিতৰত প্ৰৱেশ কৰিব নিদিয়াত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ৷

ডবকাৰ জাব্ৰাখোৱাত চিমেণ্ট ফেক্টৰীত অঘটন : ভূমিস্খলনত নিহত ১ শ্ৰমিক, আহত ৩

বহিৰাগত ব্যৱসায়ীয়ে অঞ্চলটোৰ দুখীয়া কৃষকৰ মাটি পানীৰ দৰত ক্ৰয় কৰি কৃষি ভূমিত বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন কৰাৰ অভিযোগ উঠিছে৷ এই ক্ষেত্ৰত জিলা প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ লগতে কাৰ নিৰ্দেশনাত কৃষকৰ মাটিত উদ্যোগ স্থাপনৰ অনুমতি দিয়া হ'ল, সেয়াও ৰহস্যৰ বিষয় হৈ পৰিছে৷

Your Comments