জালাহৰ পৰা গুঞ্জন দাস
জম্মু-কাশ্মীৰত সন্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত ৪৪জন বীৰ ছহিদলৈ জালাহৰ বি বি কিষাণ কলেজৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অৰ্ধনমিত পতাকাৰ তলত সমবেত হৈ দেশৰ হকে আত্মাহুতি দিয়া বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহাবিদ্যালয় পৰিয়ালে৷

মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কেশৱ বসুমতাৰীয়ে দেশমাতৃৰ সেৱাত নিয়োজিত নিৰীহ জোৱানৰ ওপৰত হোৱা অমানৱীয় আক্ৰমণক কাপুৰুষালি আখ্যা দি ষড়যন্ত্ৰকাৰী উগ্ৰপন্হী শক্তিক উচিত শাস্তি প্ৰদানৰ দাবী জনায়৷ তেওঁ সকলোকে দেশমাতৃৰ সেৱাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়৷ অধ্যাপক ডঃ সোণেশ্বৰ কলিতাই ষড়যন্ত্ৰকাৰী পাকিস্তান মদতপুষ্ট জঈছ-ই-মহম্মদৰ ওপৰত ভাৰত চৰকাৰ আৰু বিশ্ব সম্প্ৰদায়ক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনায়৷

লগতে ছহিদৰ ত্যাগ যাতে অথলে নাযায় তাৰবাবে একগোট হৈ আগবাঢ়ি যোৱাৰ পণ ল'বলৈ অনুৰোধ জনায়৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীয়ে ছহিদৰ প্ৰতিচ্ছবিত ধূপ-চাকি জ্বলাই পুষ্পাঞ্জলি অৰ্পণ কৰি বীৰ জোৱান অমৰ হওক, সন্ত্ৰাসবাদী হুঁচিয়াৰ, ভাৰত মাতা কি জয় ধ্বনিৰে ছহিদৰ আত্মাৰ চিৰশান্তি কামনা কৰে৷
- Log in to post comments
- 11 views
