পাটনা অৰ্থ'পেডিক এণ্ড ট্ৰমা হাস্পতালত ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

পাটনা অৰ্থ'পেডিক এণ্ড ট্ৰমা হাস্পতালত ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

গুৱাহাটীৰ বেলতলাস্থিত পাটনা অৰ্থ'পেডিক এণ্ড ট্ৰমা হাস্পতাল কৰ্তৃপক্ষই শুকুৰবাৰে দেশমাতৃৰ সেৱাত প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ পূণ্য স্মৃতিত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

পাটনা অৰ্থ'পেডিক এণ্ড ট্ৰমা হাস্পতালত ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

বেলতলাৰ চন্দন নগৰবাসীৰ উপৰি বিভিন্নজনৰ উপস্থিতিত সন্ধ্যা বন্তি প্ৰজ্বলন কাৰ্যসূচীত পাটনাৰ বিশিষ্ট অস্থিৰোগ বিশেষজ্ঞ ডাঃ সঞ্জয় কুমাৰ টানিছ, ডাঃ শ্বাহিদুল ইছলাম, পৰিচালক বিকাশ সিং, আইনী উপদেষ্টা তথা বিশিষ্ট সমাজ সেৱক নাৰায়ণ ডেকা, হাস্পতালৰ সমূহ কৰ্মচাৰীৰ লগতে ৰোগীৰ অভিভাৱকসকল উপস্থিত থাকে। 

পাটনা অৰ্থ'পেডিক এণ্ড ট্ৰমা হাস্পতালত ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

অনুষ্ঠানত ডাঃ সঞ্জয় কুমাৰ টানিছে বৃহস্পতিবাৰৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে নিহতসকলৰ পৰিয়ালক চৰকাৰী চাকৰিৰ লগতে পৰ্যাপ্ত চৰকাৰী সাহায্য দিয়াৰ লগতে সন্ত্ৰাসবাদীক কঠোৰৰ পৰা কঠোৰতম হাতেৰে দমন কৰি ছহিদৰ ত্যাগৰ উচিত মূল্য দিবলৈ চৰকাৰক আহ্বান জনায়।

Your Comments