সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পত দুৰ্নীতি :  অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ অনশন ধৰ্মঘট

সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পত দুৰ্নীতি :  অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ অনশন ধৰ্মঘট

চেঙাৰ পৰা সুৰজিৎ পাঠক

দুৰ্নীতি আৰু সমাজ কল্যাণ বিভাগ যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। দুৰ্নীতি তথা বিতৰ্কই লগ নেৰা এটা বিভাগ হৈছে  সমাজ কল্যাণ বিভাগ। এইবাৰ দুৰ্নীতি সংঘটিত হ'ল সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পত। সৰুক্ষেত্ৰী  সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ  ৮৯নং ডাবোৰ চুপা কেন্দ্ৰত এগৰাকী কৰ্মী নিযুক্তি দিয়াক লৈ শুকুৰবাৰে উত্তাল হ'ল সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্প। শুকুৰবাৰে সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পত অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই অবৈধ নিযুক্তি বাতিলৰ দাবীত অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ৰুমী তালুকদাৰক বঞ্চিত কৰা কাৰ্য নচলিব, অবৈধ নিযুক্তি বাতিল কৰক, উপযুক্ত সহায়িকাক কৰ্মী পদত নিযুক্তি দিয়ক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে ৮৯নং ডাবোৰ চুপা অঙ্গনৱাড়ী কেন্দ্ৰত বিগত পাঁচ বছৰ ধৰি কৰ্মীৰ পদটো খালি হৈ আছে। আৰু উক্ত কেন্দ্ৰতে সহায়িকা হিচাপে কাম কৰি থকা ৰুমী তালুকদাৰে বিগত পাঁচ বছৰ ধৰি দুয়োটা পদ চম্ভালি লৈ সকলো কাম নিয়াৰীকৈ সম্পাদন কৰি আছে। যিবিলাক কেন্দ্ৰত কৰ্মীৰ পদ খালি হয় আৰু সেই কেন্দ্ৰত উপযুক্ত সহায়িকা থাকে তেতিয়াহ'লে সেইগৰাকী সহায়িকাকে কৰ্মী পদলৈ উন্নীত কৰাৰ বাবে অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে। কিন্তু এই খালি পদটো পূৰণ কৰাৰ বাবে যোৱা ২০১৬ চনৰ জুন মাহৰ এক তাৰিখে  এক বিজ্ঞাপন প্ৰচাৰ কৰে। সেইমৰ্মে এই পদৰ বাবে ৰুমী তালুকদাৰকে ধৰি অন্য কেন্দ্ৰৰ চাৰিগৰাকী প্ৰাৰ্থীয়ে আবেদন কৰি সাক্ষাৎকাৰত অৱতীৰ্ণ হয়।

কিন্তু পিচত অন্য কেন্দ্ৰত সহায়িকা পদত থকা চম্পা বৰ্মনক এই পদত মকৰল কৰিব বিচৰাত ক্ষুণ্ণ হৈ পৰা ৰুমী তালুকদাৰে সমাজ কল্যাণ বিভাগৰ সঞ্চালকক এখন আবেদন দাখিল কৰি এই বিষয়টো তদন্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ পৰ্যায়ক্ৰমে কেইবাখনো আবেদন দাখিল কৰে। সেই আবেদনৰ ভিত্তিত সেই সময়ত এই নিযুক্তি স্থগিত ৰাখে। উল্লেখ্য যে সেই সময়ত ৰুমী তালুকদাৰৰ অভিজ্ঞতা কম থকা বুলি ৰুমী তালুকদাৰক নিযুক্তি দিব পৰা নাযায় বুলি সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ নিৰ্বাচন সমিতিয়ে সিদ্ধান্ত লৈছিল। কিন্তু ৰুমী তালুকদাৰৰ আবেদনৰ ভিত্তিত এই প্ৰক্ৰিয়া তেতিয়া বন্ধ ৰখা হৈছিল।

কিন্তু যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে সমাজ কল্যাণ বিভাগে  কৰ্মী আৰু সহায়িকাৰ খালি পদ পূৰণৰ বাবে এক নিৰ্দেশ জাৰি কৰাৰ  আলম লৈ  উক্ত কেন্দ্ৰৰ কৰ্মী পদত অন্য কেন্দ্ৰত সহায়িকা পদত কৰ্মৰত হৈ থকা চম্পা বৰ্মনকে ততাতৈয়াকৈ নিযুক্তি দিয়াৰ অভিযোগ উঠিছে। অথচ এতিয়া বিভাগীয় নীতিমতে ৰুমী তালুকদাৰে দহবছৰীয়া অভিজ্ঞতা অতিক্ৰম কৰিছে। ৰুমী তালুকদাৰে অভিযোগ কৰামতে, সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পত কৰ্মৰত হৈ থকা তদানীন্তন পৰিসংখ্যা সহায়ক চহিদুল ৰহমানে ৰুমী তালুকদাৰক ১ লাখ টকা উপঢৌকন দাবী কৰিছিল। পিছলৈ কমাই ৭০ হাজাৰ টকা দাবী কৰিছিল। কিন্তু এই ধন দিবলৈ অপাৰগ  হোৱা বাবেই ২০১৬ চনৰ বিজ্ঞাপনৰ ভিত্তিতে  ততাতৈয়াকৈ চম্পা বৰ্মনকে নিযুক্তি দিয়া বুলি অভিযোগ উত্থাপন হৈছে। বহু বিতৰ্কিত চহিদুল ৰহমানে এই কেন্দ্ৰত বহু অনিয়ম সংঘটিত কৰি কেইদিনমান পূৰ্বে ইয়াৰ পৰা বদলি হৈ যায়। 

ঘোচখোৰ চহিদুল ৰহমানে নতুনকৈ বিজ্ঞাপনৰ ব্যৱস্থা নকৰি এইদৰে সঞ্চালকে বন্ধ কৰি ৰখা ২০১৬ চনৰ  বিজ্ঞাপনৰ ভিত্তিতে চম্পা বৰ্মনক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰি ইয়াৰ পৰা পলায়ন কৰে। সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পত ঠিকা ভিত্তিত কৰ্মৰত শিশু উন্নয়ন প্ৰকল্প বিষয়া প্ৰাঞ্জল বৰুৱাই চহিদুল ৰহমানৰ পৰামৰ্শ মতেই  চকু মুদি এই নিযুক্তি প্ৰদান কৰা বুলিও অভিযোগ উত্থাপন হৈছে। প্ৰকৃততে  নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰিলে ৰুমী তালুকদাৰে এই পদত নিযুক্তি পোৱাৰ সম্ভাৱনা থকা বাবে ইমান দিনে সঞ্চালকে বন্ধ কৰি ৰখা সেই পুৰণি ফাইলৰ ভিত্তিতে লৰালৰিকৈ চম্পা বৰ্মনক নিযুক্তি দিয়া হ'ল বুলিও অভিযোগ উত্থাপন হৈছে। বিগত পাঁচ বছৰ ধৰি সহায়িকা আৰু কৰ্মী পদত  দায়িত্ব পালন কৰা ৰুমী তালুকদাৰক কৰ্মী পদত নিযুক্তি দিবলৈ শুকুৰবাৰে অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে  অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্প সমিতিয়ে  এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। 
 

Your Comments