বঙাইগাঁৱত ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

বঙাইগাঁৱত ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

জম্মুৰ পুলৱামাত বৃহস্পতিবাৰে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত আৰু এই আক্ৰমণত ছহিদ হোৱা ৪৪জন চি আৰ পি এফ জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শুকুৰবাৰে সন্ধিয়া উত্তৰ-পূব সীমান্ত ৰে'লৱে' মজদুৰ ইউনিয়নৰ বঙাইগাঁও আৰু নিউ বঙাইগাঁও কাৰখানা শাখাৰ সদস্যসকলে যৌথভাৱে মম লৈ এক সমদল উলিয়ায়৷

বঙাইগাঁৱত ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

ইউনিয়নৰ বঙাইগাঁও শাখা কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদলত শতাধিক সদস্যই হাতে হাতে মম আৰু "১৩০ কৌটি ভাৰতীয়ই আজি বিচাৰিছে ছহিদৰ তেজৰ মুল্য দিয়ক", "ছহিদৰ প্ৰতিটোপাল তেজৰ প্ৰতিশোধ লাগে", "সন্ত্ৰাসবাদী নিপাত যাওক, সকলো ভাৰতীয় এক হওক" আদি লিখা প্লে'-কাৰ্ড লৈ এই সমদলত অংশগ্ৰহণ কৰে৷

বঙাইগাঁৱত ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

সমদলত ইউনিয়নৰ ৰঙিয়া ডিভিজনৰ আহ্বায়ক সমীৰ চুনী মুছাহাৰী, বঙাইগাঁও শাখাৰ সম্পাদক শম্ভু প্ৰসাদ দাস, সভাপতি দ্বীপেন বৰা, কাৰখানা শাখাৰ সভাপতি নিৰ্মল চক্ৰৱৰ্তী, সম্পাদক পবিত্ৰ বৰ্মনকে ধৰি কেইবাজনো নেতাই অংশ লয়৷ সমদলত অংশগ্ৰহণ কৰা সমীৰ চুনী মুছাহাৰীয়ে কয় যে ছহিদৰ তেজ অথলে যাব নিদিয়ে ভাৰতীয়ই৷

বঙাইগাঁৱত ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

"আজি ১৩০ কৌটি ভাৰতীয়ই প্ৰতিশোধ বিচাৰিছে৷ আমি আজি ৰাজনীতি নিবচাৰো৷ বিচাৰো ৰাষ্ট্ৰ নীতি৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি ওলাই আহিছো আৰু সকলো ভাৰতীয়ক ইয়াৰ বিৰুদ্ধে একগোট হ'বলৈ আহ্বান জনাইছো৷ এই সমদলৰ অন্তত ইউনিয়নৰ সদস্যসকলে জঈছ-ই-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ পুত্তলিকাও দাহ কৰে৷ 

বঙাইগাঁৱত ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

ইপিনে সন্ত্ৰাসবাদী সংগঠনৰ আত্মঘাতী বোমা বিস্ফোৰণত ছহিদ হোৱা চি আৰ পি এফ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনাই বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই বৰপাৰাস্থিত ছহিদ বেদীত সন্ধিয়া বন্তি প্ৰজ্বলন কৰে৷ আনহাতে, বঙাইগাঁও জিলা আমছু, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ বঙাইগাঁও জিলা সমিতি, নগৰ সমিতি, মাৰোৱাৰী সমাজ আদিয়ে বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত বীৰ চিলাৰায় উৰণীয়া সেতুৰ তিনিআলিত ছহিদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে৷

বঙাইগাঁৱত ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

সেইদৰে কেন্দ্ৰীয় ৰবীন্দ্ৰ শ্ৰদ্ধাঞ্জলি মঞ্চইও মায়াপুৰী তিনিআলিত ছহিদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে৷ উল্লেখ্য যে ছহিদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জনাই সন্ধিয়া বঙাইগাঁও চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহেও বন্তি প্ৰজ্বলন কৰে৷

Your Comments