বঙাইগাঁৱত মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ শুভাৰম্ভ

বঙাইগাঁৱত মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ শুভাৰম্ভ

আজি বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ শুভাৰম্ভ কৰা হয় ৷ এই যোজনাখনৰ শুভাৰম্ভ কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে।এই আঁচনিৰ অধীনত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক কম খৰছী কৃষি সা-সঁজুলি ক্ৰয় কৰিবৰ বাবে বেংক একাউন্টযোগে ৫০০০ টকাকৈ দিয়া হ'ব । এই উপলক্ষে বঙাইগাঁও চহৰৰ গান্ধী ময়দানত বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ সৌজন্যত অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানত  জিলা উপায়ুক্ত আদিল খানে এই আঁচনিৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীক প্ৰমাণপত্ৰ বিতৰণ কৰি যোজনাখনৰ শুভাৰম্ভ কৰে।

তেওঁ ভাষণ প্ৰসংগত কয় বঙাইগাঁৱৰ ৬০% লোকেই কৃষি কৰ্মত জড়িত । কিন্তু খেতিৰ বাবে মাটি সীমিত।গতিকে কৃষিৰ দ্বাৰা লাভবান হবলৈ হ'লে উন্নত কৃষি পদ্ধতি অবলম্বন কৰিব লাগিব। এই উদ্দেশ্য আগত ৰাখিয়ে চৰকাৰে কৃষি বিভাগৰ অধীনত বিভিন্ন অভিলাসী আঁচনি গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে চৰকাৰে ৭০% ৰাজসাহায্যৰ ব্যৱস্থা কৰি প্ৰতিখন ৰাজহ গাঁৱত একোখনকৈ ট্ৰেক্টৰ দিছে। মাটিৰ গুণাগুণ পৰীক্ষা কৰি মাটিৰ স্বাস্থ্য পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে। সেইদৰে গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুজিৰ অধীনত অগভীৰ নলীনাদ দিয়াৰ আঁচনি লৈছে।

বঙাইগাঁৱত মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ শুভাৰম্ভ

দেশত ২০২২ চনৰ ভিতৰত কৃষি উৎপাদন দুগুন কৰাৰ বাবে বিভিন্ন ব্যৱস্থা লৈছে বুলিও কয় ৷ উপায়ুক্তগৰাকীয়ে লগতে অহা ২৪ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে "প্ৰধানমন্ত্ৰী কিষাণ সম্মান" নামৰ নতুন আঁচনি এখন শুভাৰম্ভ কৰিব বুলি উল্লেখ কৰি এই আঁচনিৰ অধীনত ২ হেক্টৰলৈকে মাটি থকা ক্ষুদ্ৰ আৰু উপান্ত কৃষকক বছৰি ৬০০০ টকা তিনিটা কিস্তিত প্ৰদান কৰিব বুলিও কয়। উল্লেখ্য যে বঙাইগাঁও জিলাৰ ১২,৫,২৭ গৰাকী কৃষকক মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত ৫০০০ টকাকৈ বেংকযোগে প্ৰদান কৰা হব। এই অনুষ্ঠানত বঙাইগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী চিন্ময় শৰ্মা, জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী,আৰু লীড বেংক মেনেজাৰ দিলীপ সাহায়ো বক্তব্য ৰাখে।

জিলা কৃষি বিষয়া কনক চন্দ্ৰ ৰায়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত জিলাৰ অতিৰিক্ত উপায়ুক্ত কান্ত দাস, জিলা বিজেপিৰ সভাপতি সুকেন ৰায় আদিও উপস্থিত থাকে ৷ সভাখন বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত আদিল খানে ৷ মন কৰিবলগীয়া যে আজিৰ এই অনুষ্ঠানত ৰাজ্যৰ জলসিঞ্চন আৰু ৰাজহ মন্ত্ৰী ভৱেশ কলিতা উপস্থিত থাকি আচঁনিখন শুভাৰম্ভ কৰাৰ কথা আছিল আৰু মন্ত্ৰীগৰাকীলৈ সকলোৱে অপেক্ষা কৰি আছিল যদিও তেওঁ উপস্থিত নাথাকিল ৷ ফলত একাংশ কৃষকে ক্ষোভ প্ৰকাশ কৰাও পৰিলক্ষিত হয় ৷ জিলাখনৰ বিভিন্ন অঞ্চলৰ কৃষকসকলক বাছযোগে সভালৈ অনা হয় ৷

Your Comments