উৎপাদন বৃদ্ধিৰে অসমক স্বাৱলম্বী কৰিব লাগিব : মন্ত্ৰী ৰিহণ দৈমাৰী

উৎপাদন বৃদ্ধিৰে অসমক স্বাৱলম্বী কৰিব লাগিব : মন্ত্ৰী ৰিহণ দৈমাৰী

"অসমৰ ৮০ শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত। সেইকাৰণে আমাৰ চৰকাৰে কৃষি ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। অৰ্থৰ অভাৱত কৃষিকাৰ্য কৰিব নোৱাৰা কৃষকসকলক সকাহ দিয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে ৫ হাজাৰ টকা আৰু কেন্দ্ৰীয় চৰকাৰে ৬ হাজাৰ টকা দিয়াৰ ব্যৱস্থা কৰিছে।" এই মন্তব্য ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীৰ। আজি নগাঁৱৰ নেহৰুবালিত জিলা কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত ধন বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভণি কৰি দিয়া ভাষণত এইদৰে মন্তব্য কৰি কয় যে কৃষকসকলক দিয়া এই ধন সদ্ব্যৱহাৰ কৰিলে নিশ্চিতভাৱে তেওঁলোক উপকৃত হ'ব পাৰিব।

তেওঁ ভাষণ প্ৰসংগত কয়, আমাৰ ৰাজ্যখনত সাৰুৱা মাটি থকাৰ পিছতো অধিকাংশ কৃষকেই বছৰত এটা খেতি কৰে। যাৰবাবে অসমে কৃষি উৎপাদনত বহু পিছপৰি আছে। আমি উৎপাদন বৃদ্ধিৰে ৰাজ্যখনক স্বাৱলম্বী কৰি তুলিব লাগিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে কৃষি ক্ষেত্ৰ উন্নয়নৰ জৰিয়তে অসমৰ অৰ্থনীতি শক্তিশালী কৰিব বিচাৰিছে। আমি সকলোৱে মুখ্য মন্ত্ৰীৰ এই সপোন বাস্তৱায়িত কৰাৰ বাবে চেষ্টা চলাব লাগিব। তেওঁ লগতে কয়, বৰ্তমানৰ চৰকাৰৰ দিনত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত আমূল পৰিবৰ্তন হৈছে।

এই অনুষ্ঠানত ধিঙৰ বিধায়ক আমিনুল ইছলাম, জিলা উপায়ুক্ত যাদৱ শইকীয়া, নগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মা খাউণ্ড আদিয়ে ভাষণ প্ৰদান কৰি চৰকাৰে কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে ৰূপায়ণ কৰিব বিচৰা আঁচনিসমূহত সহযোগিতা কামনা কৰে। অনুষ্ঠানৰ আঁতধৰে কৃষি বিষয়া তৰুণ হাজৰিকাই। উল্লেখ্য যে মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ অধীনত নগাঁও জিলাত ৩২,৮৬৯জন হিতাধিকাৰীৰ মাজত ৫ হাজাৰ টকাৰ অনুদান পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে। আজি আনুষ্ঠানিকভাৱে ২৪গৰাকী কৃষকক এই পত্ৰ প্ৰদান কৰা হয়।

Your Comments