গভীৰ উৎকণ্ঠাৰ মাজত হোজাই জিলা পৰিষদ গঠন : সভানেত্ৰী কংগ্ৰেছৰ ৰেজিয়া চুলতানা

 গভীৰ উৎকণ্ঠাৰ মাজত হোজাই জিলা পৰিষদ গঠন : সভানেত্ৰী কংগ্ৰেছৰ ৰেজিয়া চুলতানা

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

গভীৰ উৎকণ্ঠাৰ মাজেৰে আজি হোজাই জিলা পৰিষদ গঠন কৰা হয়৷ টছত জিকি হোজাই জিলা পৰিষদৰ প্ৰথমগৰাকী সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ল যমুনামুখ সমষ্টিৰ মোৰাঝাৰ জিলা পৰিষদৰ সদস্যা ৰেজিয়া চুলতানা৷ উপ-সভানেত্ৰী পদত নিৰ্বাচিত হয় এআইইউডিএফৰ ইছলাম নগৰ জিলা পৰিষদৰ সদস্যা পাৰুল চুলতানা৷ আজি এই সম্পৰ্কে হোজাই জিলা উপায়ুক্তৰ সভাকক্ষত এখন সভা উপায়ুক্ত তন্ময় প্ৰতীম বৰগোঁহাইৰ পৌৰোহিত্যত অনুষ্ঠিত হয়৷ সভাৰ আৰম্ভণিতে হোজাই জিলা পৰিষদৰ অন্তৰ্গত ১২গৰাকী নিৰ্বাচিত জিলা পৰিষদ সদস্যক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় জিলা উপায়ুক্তগৰাকীয়ে৷ তাৰ পিছত জিলা পৰিষদৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হয়৷

বাতৰি অনুসৰি হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টিত ১২টা জিলা পৰিষদ সমষ্টি আছে৷ প্ৰতিটো বিধানসভা সমষ্টিত আছে চাৰিটাকৈ জিলা পৰিষদ সমষ্টি৷ সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত হোজাই জিলাৰ ১২টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত শাসকীয় বিজেপি দলে ৫খনকৈ আসন দখল কৰাৰ বিপৰীতে কংগ্ৰেছ দলে লাভ কৰে ৬খন আৰু এআইইউডিএফে লাভ কৰিছে এখন আসন৷ সংখ্যাৰ হিচাপত জিলা পৰিষদ গঠন কৰিব পৰাকৈ কোনো এটা ৰাজনৈতিক দলৰ ওচৰত পৰ্যাপ্ত সংখ্যা নথকাত অৱশেষত কংগ্ৰেছ দলে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ একমাত্ৰ সদস্যগৰাকীৰ সহযোগত জিলা পৰিষদ গঠন কৰিবলৈ সক্ষম হয়৷ হোজাই জিলা পৰিষদ গঠনত কংগ্ৰেছে সভাপতি পদৰ বাবে ৰেজিয়া চুলতানাক প্ৰক্ষেপ কৰে৷

আৰু উপ-সভাপতিৰ বাবে সংযুক্ত ৰূপত এআইইউডিএফৰ একমাত্ৰ নিৰ্বাচিত সদস্যাগৰাকীক কংগ্ৰেছ-ইউডিএফে প্ৰক্ষেপ কৰে৷ সভাপতি পদৰ বাবে হোৱা গোপন ভোটত কংগ্ৰেছৰ প্ৰাৰ্থী ৰেজিয়া চুলতানা আৰু বিজেপিৰ প্ৰাৰ্থী ৰুমা দাসে সমানে সমানে ৬টাকৈ ভোট লাভ কৰাত উপায়ুক্তগৰাকীয়ে দুয়ো পক্ষৰ সহমতত টছৰ আশ্ৰয় লয়৷ টছত কংগ্ৰেছ প্ৰাৰ্থী ৰেজিয়া চুলতানা সভাপতি পদৰ বাবে নিৰ্বাচিত হয়৷ উপ-সভাপতিৰ পদৰ নিৰ্বাচনত ১২টা ভোটৰ মাজত ৭টা ভোট লাভ কৰি এআইইউডিএফৰ প্ৰাৰ্থীগৰাকী জয়ী হয়৷ সভাপতি পদক লৈ কংগ্ৰেছৰ আভ্যন্তৰত ব্যাপক টনা-আঁজোৰা চলিছিল৷ কাঁকী জিলা পৰিষদৰ সদস্যা জুন্তী বৰাই নিজকে সভাপতি পদৰ বাবে প্ৰক্ষেপ কৰিব বিচৰাত ডবকা জিলা পৰিষদৰ সদস্য নুৰ আহমেদে এই প্ৰস্তাৱত সমৰ্থন আগবঢ়াইছিল৷ শেষ পৰ্যন্ত নিজৰ সিদ্ধান্তত অটল আছিল৷

 গভীৰ উৎকণ্ঠাৰ মাজত হোজাই জিলা পৰিষদ গঠন : সভানেত্ৰী কংগ্ৰেছৰ ৰেজিয়া চুলতানা

কিন্তু কংগ্ৰেছৰ আন নিৰ্বাচিত সদস্যসকলে  নুৰ আহমদৰ এই প্ৰস্তাৱক প্ৰত্যাখ্যান কৰি মোৰাঝাৰ জিলা পৰিষদৰ সদস্যা ৰেজিয়া চুলতানাক প্ৰক্ষেপ কৰাত নুৰ আহমেদ নাইবা কাঁকী জিলা পৰিষদৰ সদস্যা জুন্তী বৰাই ক্ৰছ ভোটিং কৰাত অৰ্থাৎ নিজৰ দলৰ সদস্যৰ বিৰুদ্ধে ভোট দিয়াত সভাপতি পদত ভোটৰ সংখ্যা সমান সমান হয়৷ অৱশ্যে টছত ৰেজিয়া চুলতানা জয়ী হোৱাত কংগ্ৰেছী শিবিৰত ব্যাপক উৎসাহ-উদ্দীপনা দেখা যায় যদিও কংগ্ৰেছৰ এটা ভোট হেৰুৱাক লৈ দলৰ আভ্যন্তৰত ব্যাপক প্ৰতিক্ৰিয়া দেখা যায়৷ জিলা কংগ্ৰেছ নেতা মিচবাহ উদ্দিনে দলৰ আভ্যন্তৰত এই বিষয়ে আলোচনা কৰিব বুলি সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰে৷ আজি জিলা পৰিষদ গঠনৰ সময়ত হোজাইৰ দুই বিধায়ক ক্ৰমে শিবু মিশ্ৰ আৰু শিলাদিত্য দেৱ উপস্থিত আছিল৷

Your Comments