বঙাইগাঁৱত আছুৰ উদ্যোগত পঞ্চ ছহিদক স্মৰণ

বঙাইগাঁৱত আছুৰ উদ্যোগত পঞ্চ ছহিদক স্মৰণ

অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া বঙাইগাঁৱৰ পঞ্চ ছহিদ বনমালী সিংহ, মণিকান্ত ৰায়, নৱ কুমাৰ ৰায়, অনিল বৰুৱা আৰু পিৰেণ ৰায়ৰ স্মৃতিত আজি বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পঞ্চ ছহিদ দিৱস পালন কৰা হয়৷ এই উপলক্ষে বঙাইগাঁও চহৰৰ নিকটৱৰ্তী জেল্কাঝাৰস্থিত জেবি হাইস্কুলৰ সন্মুখত থকা পঞ্চ ছহিদ বেদী প্ৰাংগণত পুৱা আছুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বঙাইগাঁও আঞ্চলিক আছুৰ সভাপতি কুলজিৎ ৰায়ে৷ ইয়াৰ পিচতে ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰি পঞ্চ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আঞ্চলিক আছুৰ সাধাৰণ সম্পাদক জগদ্বীশ ৰায়ে৷

বঙাইগাঁৱত আছুৰ উদ্যোগত পঞ্চ ছহিদক স্মৰণ

অনুষ্ঠানত ছহিদ নৱ কুমাৰ ৰায়ৰ ভাতৃ নৃপেন ৰায়, ছহিদ অনিল বৰুৱাৰ ভাতৃ ৰতিৰাম বৰুৱা আৰু ছহিদ পিৰেন ৰায়ৰ ভটিজা কেশৱ ৰায় উপস্থিত থকাৰ লগতে ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰি পঞ্চ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সেইদৰে জেবি হাইস্কুলৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলেও পঞ্চ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ছহিদ দিৱসৰ লগত সংগতি ৰাখি নাম-প্ৰসংগ অনুষ্ঠিত হয়৷ অনুষ্ঠানত আঞ্চলিক আছুৰ বিষয়ববীয়াসকলৰ লগতে জিলা আছুৰ সভাপতি যিনোদ নাথ, সাধাৰণ সম্পাদক দেবানন্দ ৰায়, প্ৰাক্তন আছু নেতা, বিশিষ্ট ব্যক্তি তথা আছু কৰ্মীসকল উপস্থিত থাকে৷ উল্লেখ্য যে বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবছৰে ১৫ ফেব্ৰুৱাৰীৰ দিনটো পঞ্চ ছহিদ দিৱস হিচাপে পালন কৰি আহিছে৷

Your Comments