বঙাইগাঁৱত স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনাৰ শুভাৰম্ভ

বঙাইগাঁৱত স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনাৰ শুভাৰম্ভ

সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগতো আজি স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনাৰ শুভাৰম্ভ কৰা হয়। এই যোজনাৰ অধীনত নিবনুৱা যুৱক-যুৱতীক নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ ১ লাখ টকাকৈ আৰু পুৰণি ব্যৱসায় বৃদ্ধি কৰিবলৈ ২ লাখ টকাকৈ দিয়াৰ ব্যবস্থা কৰিছে অসম চৰকাৰে। ১৮ বছৰৰ ওপৰৰ বয়সৰ যুৱক-যুৱতীক এই আঁচনিৰ অধীনত সামৰি লোৱা হয়। আজি এই যোজনাৰ অধীনত বিভিন্ন বেংকে দিয়া মঞ্জুৰি-পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে। তেওঁ ভাষণ প্ৰসংগত কয় যে বৰ্তমান আমাৰ দেশত ৬৫% লোকেই ডেকা বয়সৰ লোক। তেওঁলোক কাম কৰাৰ বাবে সক্ষম। এই লোকসকলে উৎপাদনৰ কামত নিয়োজিত হ'লে দেশৰ উন্নতি কৰিব পাৰিব। ডাঙৰ কথাটো হ'ল, সকলো লোককে চৰকাৰে চাকৰি দিব নোৱাৰে। সেইবাবে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে নিবনুৱা লোকসকলৰ বাবে স্ব-নিযোজনৰ বিভিন্ন আঁচনি লৈছে। স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনাও এনেকুৱা এখন আঁচনি।

বঙাইগাঁৱত স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনাৰ শুভাৰম্ভ

তেওঁ নিৰ্বাচিত হিতাধিকাৰীসকলক ঋণৰ টকা সদ্ব্যৱহাৰ কৰিবলৈ আৰু সময়মতে পৰিশোধ কৰিবলৈ আহ্বান জনায়৷ উপায়ুক্তগৰাকীয়ে কম সময়ৰ ভিতৰতে ঋণ মঞ্জুৰ কৰা বাবে বেংকৰ মেনেজাৰসকলক ধন্যবাদ জনায়। আজি বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এই মঞ্জুৰি-পত্ৰ বিতৰণ সভাত সভাপতিত্ব কৰে উপায়ুক্ত আদিল খানে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বঙাইগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক কাঞ্চন ভাগৱতীয়ে। সভাত লীড বেংকৰ মেনেজাৰ, বঙাইগাঁও এছ বি আইৰ মেনেজাৰ তথা নিউ বঙাইগাঁও এছ বি আইৰ মেনেজাৰেও ভাষণ দিয়ে। উল্লেখ্য যে আজি ৩০২গৰাকী হিতাধিকাৰীক বেংক ঋণৰ মঞ্জুৰি-পত্ৰ বিতৰণ কৰা হয়। সভাত বঙাইগাঁও আই টি আইৰ ছুপাৰভাইজাৰকে ধৰি কে'বাগৰাকীও সমাজকৰ্মী তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Your Comments